
কোকৰাঝাৰ, ০২ জুন (হি.স.): ধুবুৰী–কোকৰাঝাৰ সীমান্তৱৰ্তী মেছপাৰাত যোৱা কালি নিশা উত্তেজনাৰ সৃষ্টি হয় । ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ সীমান্তৱৰ্তী মেছপাৰা অঞ্চলত ছাগলী চুৰিৰ অভিযোগক কেন্দ্ৰ কৰি এই উত্তেজনাৰ সৃষ্টি হয় ।
স্থানীয় সূত্ৰ অনুসৰি, ধুবুৰীৰ ঝগৰাপাৰাৰ বাসিন্দা মছলেম শেখ আৰু আক্তাৰ হুছেইন নামৰ দুজন যুৱকে এটা খাহি ছাগলী মটৰ চাইকেলত তুলি লৈ যোৱাৰ অভিযোগ উত্থাপিত হয় । ঘটনাটো লক্ষ্য কৰি স্থানীয় লোকে তেওঁলোকক খেদি গৈ আটক কৰি আৰক্ষীক চমজাই দিয়ে । উল্লেখ্য় যে প্ৰায়ে অঞ্চলটোত ছাগলী চুৰি কাণ্ড সংঘটিত হৈ আহিছে । এনে ধৰণৰ ছাগলী চুৰি কাৰ্যৰ বিৰুদ্ধে ৰাইজে আৰক্ষীক জনোৱাৰ লগতে নিজাববীয়াকৈ তীক্ষ্ণ নিৰীক্ষণৰো ব্য়ৱস্থা কৰিছে যদিও দুষ্কৃতিকাৰীয়ে নিৰ্বিঘ্নে চুৰি কাৰ্য সংঘটিত কৰি গৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ