
নলবাৰী, ০২ জুন (হি.স.)। মাধুৰ্য বৰ্মনৰ মৃত্যুত শোক প্ৰকাশ কৰি চামতাৰ সকলো ব্যৱসায়ী প্ৰতিষ্ঠানৰ বন্ধ পালন । নলবাৰীৰ গংগাপুৰত দেওবাৰে ৰোজ আলী নামৰ দুৰ্বৃত্তৰ আক্ৰমণত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মাধুৰ্য্য বৰ্মনৰ মৃত্যু হোৱা খৱৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ নলবাৰী জিলাতে বিৰাজ কৰা শোকাকুল পৰিবেশ আজিও অব্যাহত আছে ।
মঙল বাৰে পশ্চিম নলবাৰীৰ সকলো ব্যৱসায়ী প্ৰতিষ্ঠানে স্বত:স্ফুত ভাৱে বন্ধ পালন কৰি ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ মৃত্যুত শোক প্ৰকাশ কৰে । আনহাতে ঘটনাৰ ২৪ ঘন্টা নৌহওঁতেই ৰোজ আলীক এনকাউন্টাৰ কৰা বাবে আৰক্ষী প্ৰশাসনক ধন্যবাদ জনাই ভৱিষ্যতে যাতে এনে ঘটনাৰ পুণৰাবৃত্তি নহয় তাৰে কামনা কৰে একাংশ ব্যবসায়িয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা