
হোজাই, ০২ জুন (হি.স.): হোজাই জিলাৰ লংকাত পুনৰ গাঞ্জাসহ গ্ৰেপ্তাৰ হৈছে ২ জনকৈ সৰবৰাহকাৰী । যোৱা কালি সোমবাৰে নিশা লংকা ৰে’ল ষ্টেচনৰ সমীপত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ২১ কেজি ৮৫০ গ্ৰাম পৰিমানৰ গাঞ্জা । লগতে গ্ৰেপ্তাৰ কৰা হৈছে আব্দুল ৱাহিব আৰু ফইজুল হক নামৰ দুই সৰবৰাহকাৰীক ।
ধৃত আব্দুল ৱাহিবৰ ঘৰ বৰদোৱাত আৰু আনজন ফইজুল হকৰ ঘৰ কামপুৰত । জানিব পৰামতে, ডিমাপুৰৰ পৰা অনা হৈছিল গাঞ্জাখিনি । উল্লেখ্য় যে লামডিঙ সম-জিলা আৰক্ষী অধীক্ষক পল্লৱ নাথৰ নেতৃত্বত লংকা আৰক্ষীয়ে চলাইছিল এই অভিযান । প্ৰণিধানযোগ্য় যে ৰে’ল নগৰী হোজাইত প্ৰায়ে জব্দ কৰা হয় অবৈধ নিচাযুক্ত সামগ্ৰী গাঞ্জা । বিশেষকৈ ৰে’লযোগে বহি ৰাজ্য়লৈ গাঞ্জা সৰবৰাহ কৰাৰ সময়ত ৰেলেৱে আৰক্ষীয়ে প্ৰায়ে জব্দ কৰে গাঞ্জাকে ধৰি নিচাযুক্ত সামগ্ৰী।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ