জনীয়াত ই-ৰিক্সা চোৰৰ সন্ত্ৰাসত অতিষ্ঠ ৰাইজ
জনীয়াৰ গোৰাইপাৰাত চোৰৰ সন্ত্ৰাসত অতিষ্ঠ ৰাইজ ।
জনীয়াত ই-ৰিক্সা চোৰৰ সন্ত্ৰাসত অতিষ্ঠ ৰাইজ


বৰপেটা, ০২ জুন (হি.স.): বৰপেটা জিলাৰ জনীয়াৰ গোৰাইপাৰাত চোৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে ৰাইজ । জনীয়াত ই-ৰিক্সা চোৰৰ সন্ত্ৰাসত অতিষ্ঠ ৰাইজ । জনীয়াৰ গোৰাইপাৰাৰ ৰফিকুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা যোৱা কালি সোমবাৰে নিশা এখন ই-ৰিক্সা চুৰি হয় । একমাত্ৰ উপাৰ্জনৰ উৎস ই-ৰিক্সাখন চুৰি হোৱাত চিন্তিত হৈ পৰে ৰফিকুল ।

দীৰ্ঘদিনৰ পৰাই এই অঞ্চলত চোৰে চুৰি কাৰ্য চলাই যোৱাৰ অভিযোগ কৰিছে ৰাইজে । ড্ৰাগছ সেৱনকাৰীয়ে এই চুৰি কাৰ্য সংঘটিত কৰাৰ সন্দেহ ভূক্তভোগী আৰু স্থানীয় ৰাইজসকলৰ । বিভিন্ন প্ৰান্তত বিচাৰ খোচাৰ কৰিছে যদিও একমাত্ৰ জীৱিকা উপাৰ্জনৰ উৎস ই-ৰিক্সাৰ কোনো সন্ধান নোপোৱাত উপায়ন্তৰ হৈ পৰিছে ৰফিকুল ইছলাম । আৰক্ষী প্ৰশাসনক ড্ৰাগছৰ ব্যৱসায়ি আৰু সেৱনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে সচেতন ৰাইজে । কোনোবাই চুৰি হোৱা ই-ৰিক্সাখনৰ সন্ধান পালে 9957142068 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰফিকুলে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande