
হোজাই, ০২ জুন (হি.স.): হোজাইৰ ঠৈপলাগুৰি অঞ্চলত দিন দুপৰতে বন্যহস্তীৰ অৱস্থান দেখিৱলৈ পোৱা গৈছে । ইয়াৰ ফলত বহু সময় ধৰি বন্ধ হৈ পৰে হোজাই -পশ্চিম কাৱি আংলং সংযোগী পথ।
খাদ্যৰ সন্ধানত এনে ধৰণে বন্য়হস্তীয়ে জনাঞ্চলত অৱস্থান লোৱা দেখা যায় । পোৱালি হাতীসহ প্ৰায় ১৫০ হাতীয়ে অৱস্থান লোৱাত বিভিন্ন ঠাইৰ লোকে হাতী প্ৰত্যক্ষ কৰিবলৈ উপস্থিত হয় উক্ত ঠাইত । নিত্য নৈমিত্তিক বন্যহস্তীৰ আগমনক লৈ শংকা আৰু ভয়ত সময় অতিবাহিত কৰিছে অঞ্চলবাসী লোকসকলে । নিশা হলেই বন্যহস্তীৰ আগমনত বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় ৰাইজ । বৰ্তমান দিন দুপৰতে বন্যহস্তীৰ আগমনত অধিক শংকিত হৈ পৰিছে অঞ্চলবাসী লোকসকল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ