
তামুলপুৰ, ০২ জুন (হি.স.)। তামুলপুৰ জিলাত ২০২৭ বৰ্ষৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ জিলা পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহ গণনা সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। তামুলপুৰস্থিত পি এম শ্ৰী কেন্দ্ৰীয় বিদ্যালয়ত আজি ২ জুনৰ পৰা অহা ৪ জুন ২০২৬-লৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে তামুলপুৰ জিলাৰ আয়ুক্ত তথা মুখ্য লোকপিয়ল বিষয়া চিমি কৰণ (আই এ এছ)-এ। জিলাখনত ২০২৭ বৰ্ষৰ লোকপিয়ল কাৰ্যসূচী সঠিক আৰু সফলভাৱে ৰূপায়ণ কৰাৰ উদ্দেশ্যে সংশ্লিষ্ট বিষয়াবৰ্গক আৱশ্যকীয় জ্ঞান আৰু দক্ষতাৰে পাকৈত কৰি তোলাটোৱেই হৈছে এই প্ৰশিক্ষণৰ মূল লক্ষ্য।
আজিৰ এই উদ্বোধনী অনুষ্ঠানত জিলা লোকপিয়ল বিষয়া ড° দীপংকৰ নাথ (এ চি এছ), অতিৰিক্ত জিলা লোকপিয়ল বিষয়া বিদিশা বৰা (এ চি এছ), চাৰ্জ অফিচাৰ ক্ৰমে চক্ৰ বিষয়া ত্ৰিলিনা টাইড (এ চি এছ) আৰু এলিমা কাণ্ডুলনা (এ এল আৰ এছ)-কে ধৰি পৌৰসভাৰ গণনা দায়িত্বত থকা বিষয়া আৰু অন্যান্য অংশীদাৰসকল উপস্থিত থাকে। এই গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে ৰাজ্য পৰ্যায়ৰ পৰা নিযুক্ত হৈছে প্ৰাক্তন যুটীয়া সঞ্চালক তথা পৰামৰ্শদাতা ড° কে এছ সিং আৰু পৰিসংখ্যা অন্বেষক সিদ্ধাৰ্থ কুমাৰ। তেওঁলোকে লোকপিয়ল প্ৰক্ৰিয়াৰ বিভিন্ন কাৰিকৰী দিশ, যেনে— গণনাকাৰীৰ দ্বাৰা ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰা পদ্ধতি, গণনা কাৰীয়ে নিজা ম'বাইল ফোনৰ জৰিয়তে ব্যৱহাৰ কৰিবলগীয়া ম'বাইল এপ্লিকেচন, ৱেব পৰ্টেলৰ জৰিয়তে পৰিয়ালসমূহে নিজে কৰিব পৰা তথ্য পঞ্জীয়ন আৰু ইয়াৰ সত্যতা নিৰূপণ প্ৰক্ৰিয়া, কেন্দ্ৰীয় ব্যৱস্থাপনা আৰু নিৰীক্ষণ প্ৰণালী, তথা ভৌগোলিক সংকেতযুক্ত গৃহ তালিকাভুক্তি খণ্ড গঠন আদিৰ দৰে আধুনিক প্ৰযুক্তি আৰু কাৰ্যপদ্ধতি সম্পৰ্কে আজিৰে পৰা সবিশেষ প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা