
গুৱাহাটী,০২ জুন (হি.স.)। গুৱাহাটী মহানগৰীৰ বীৰকুছিত এক আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। এজন একাদশ শ্ৰেণীৰ ছাত্ৰ নিজ বাসগৃহত মৃত অৱস্থাত উদ্ধাৰ হৈছে। প্ৰাথমিক প্ৰতিবেদন অনুসৰি নুনমাটি আৰক্ষীৰ অধীনৰ বীৰকুছিৰ সোণালী পথত সংঘটিত হৈছে উক্ত ঘটনাটো।
একাদশ শ্ৰেণীৰ ছাত্ৰ অভিজিৎ বড়োক নিজ গৃহৰ শুৱনী কোঠাত চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে। আৰক্ষী জনোৱা অনুসৰি , ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। টোকাটোৰ পৰা পোৱা প্ৰাথমিক তথ্য অনুসৰি ছাত্ৰজনে শৈক্ষিক প্ৰদৰ্শন আৰু ফুটবল সম্পৰ্কীয় তেওৰ প্ৰদৰ্শনৰ ওপৰত হতাশাৰ বাবেই এই চৰম পদক্ষেপ লোৱা বুলি কোৱা হৈছে।
উল্লেখযোগ্য যে এইবাৰ মেট্ৰিক পৰীক্ষাত ৭৯ শতাংশ নম্বৰ লাভ কৰি শেহতীয়াকৈ নাৰেংগীৰ কেন্দ্রীয় বিদ্যালয়ত একাদশ শ্ৰেণীত নামভৰ্তি কৰিছিল৷ ঘটনাৰ খবৰ পোৱাৰ পিছতে নুনমাটি থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। অধিক আইনী আৰু পদ্ধতিগত পদক্ষেপ গ্ৰহণ কৰা হৈছে।
গুৱাহাটী মহানগৰীত সংঘটিত আন এক শোকাৱহ ঘটনাত গুৱাহাটীৰ ভাস্কৰ নগৰত ৭৫ বছৰীয়া এগৰাকী মহিলাই বাছি ল’লে চৰম পন্থা।ভাস্কৰ নগৰৰ স্কুল পথৰ হাউচ নম্বৰ ১৫ত বাসগৃহৰ বন্ধ কোঠাৰ ভিতৰত উদ্ধাৰ হৈছে বৃদ্ধা গৰাকীৰ মৃতদেহটো।
চৰম সিদ্ধান্ত লোৱা মহিলা গৰাকীৰ নাম বীণা দাস বুলি জানিব পৰা গৈছে।ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ চমজি লৈছে। জিএমচিএইছৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে মহিলা গৰাকীৰ মৃতদেহ।
কিন্তু কি কাৰণত ৭৫ বছৰীয়া বৃদ্ধা গৰাকীয়ে নিজৰ জীৱন শেষ কৰি দিলে সেয়া বৰ্তমানো জানিব পৰা হোৱা নায়।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ