কুঁহিয়াৰৰ ৰস চেপা যন্ত্ৰ সাজি ব্যৱসায় আৰম্ভ অসমীয়া যুৱক ভূৱন গগৈৰ, দাঙি ধৰিলে স্বাৱলম্বিতাৰ নিদৰ্শন
লখিমপুৰ, ০২ জুন (হি.স.)। নৱ প্ৰজন্মই কৰ্ম সংস্থাপনৰ বাবে বাহিৰলৈ নগৈ নিজৰ ঠাইতে কিবা এটা ব্যৱসায় আৰম্ভ কৰক। অসমতে উপাৰ্জন কৰাৰ বহু পথ আছে। আজি অসমত বাহিৰৰ পৰা লোক আহিও বিভিন্ন সৰু বৰ ব্যৱসায়ী কৰায়ে নহয় এই ব্যৱসায়ত লাভান্বিতও হৈছে আৰু ব্যৱসায়ত এক
কুঁহিয়াৰৰ ৰস চেপা যন্ত্ৰ সাজি ব্যৱসায় আৰম্ভ অসমীয়া যুৱক ভূৱন গগৈৰ, দাঙি ধৰিলে স্বাৱলম্বিতাৰ নিদৰ্শন


লখিমপুৰ, ০২ জুন (হি.স.)। নৱ প্ৰজন্মই কৰ্ম সংস্থাপনৰ বাবে বাহিৰলৈ নগৈ নিজৰ ঠাইতে কিবা এটা ব্যৱসায় আৰম্ভ কৰক। অসমতে উপাৰ্জন কৰাৰ বহু পথ আছে। আজি অসমত বাহিৰৰ পৰা লোক আহিও বিভিন্ন সৰু বৰ ব্যৱসায়ী কৰায়ে নহয় এই ব্যৱসায়ত লাভান্বিতও হৈছে আৰু ব্যৱসায়ত একপ্ৰকাৰৰ ৰাজত্ব কৰিছে। কিন্তু অসমৰ বহু যুৱক যুৱতীয়ে কেতবোৰ অলিক কল্পনাত বিভোৰ হয় ঘৰৰ বাটি বিক্ৰি কৰি বন্ধকত থৈ বাহিৰলৈ চাকৰি বিচাৰি তথা বিভিন্ন কোম্পানীত আনকি চকীদাৰ হিচাবে নিযুক্ত হৈ আছে। কিন্তু এই যুৱক যুৱতীসকলে নিজৰ মাটিটুকুৰাৰ মূল্য বুজিলে ইয়াতে নিশ্চয় খেতি কৰি বিভিন্ন ব্যৱসায় কৰি নিজৰ লগতে দহৰো উপকাৰ সাধিব পাৰিব। লখিমপুৰৰ এজন অসমীয়া যুৱকে এনে একাংশ যুৱক যুৱতীক এতিয়া স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি নিজে আদৰ্শ স্বৰূপ হৈ পৰিছে। লখিমপুৰৰ ভূৱন গগৈ নামৰ যুৱকজনে নিজে এটা কুঁহিয়াৰৰ ৰস চেপা যন্ত্ৰ সাজি কুঁহিয়াৰৰ ৰস বিক্ৰিৰ ব্যৱসায় আৰম্ভ কৰি অকলেই ব্যৱসায়িক যুদ্ধত নামি পৰিছে আৰু লাভাম্বিত হৈছে। লখিমপুৰ কে বি ৰোডৰ বৰমুৰীয়া তিনি আলিত পথৰ কাষত গছৰ তলত পৰিস্কাৰ পৰিচন্নতাৰে গ্ৰাহকক কুঁহিয়াৰ

বিক্ৰী কৰি আজি নিজে গৌৰৱ অনুভৱ কৰিছে আৰু এনে ব্যৱসায়ত অসমীয়া লোক প্ৰায়েই জড়িত হব নোখোজে বুলি কোৱা কথাষাৰ মিছা প্ৰমাণ কৰি এক নতুন ধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত অসমীয়া যুৱক যুৱতীসকলৰ মাজত এনে ব্যৱসায়ৰ হীনমান্যতা পৰিহাৰ কৰি কুহিয়াৰৰ ৰস বিক্ৰি, ডাব নাৰিকল বিক্ৰি, আইচক্ৰীম, চানাচুৰ বিক্ৰিকে ধৰি চেলুন আদি খুলি সাধাৰণতে এনে ব্যৱসায় অসমীয়া লোকে কৰিব নোৱাৰে বুলি কোৱা কথাষাৰ মিছা প্ৰমাণিত কৰিলেহে ৰাজ্যখনে প্ৰকৃতাৰ্থত উন্নয়নৰ দিশত আগবাঢ়ি যাব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande