
গোলাঘাট, ০২ জুন (হি.স.)। সৰুপথাৰৰ বৰপথাৰ ৰেল ষ্টেচনত মৃতদেহ উদ্ধাৰ।
ষ্টেচনৰ ৱেইটিং হলত উদ্ধাৰ মৃতদেহটো।
শুই থকা অৱস্থাতে মৃত্যু হোৱাৰ সন্দেহ।
মৃত ব্যক্তিজন আগৰতলাৰ পিন্টু চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে।
বৰপথাৰ নগৰৰ কল্যাণীপাৰাৰ নিতু চক্ৰৱৰ্তীৰ ঘৰলৈ ফুৰিবলৈ অহিছিল মৃত পিন্টু চক্ৰৱৰ্তী।
ঘটনাস্থলীত জিআৰপি উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা