'কালা হিৰণ' ছবিক লৈ ছলমান খানৰ আইনী জাননী প্ৰেৰণ
মুম্বাই, ০২ জুন (হি.স.)। অভিনেতা ছলমান খানে “কালা হিৰণ” ছবিখনৰ সন্দৰ্ভত কাষ্টিং ডাইৰেক্টৰ অক্ষয় পাণ্ডেলৈ আইনী জাননী প্ৰেৰণ কৰিছে । খবৰ অনুসৰি ছলমানৰ সৈতে জড়িত কুখ্যাত কালা হিৰণ চোৰাং চিকাৰৰ গোচৰৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন। ছলমানৰ আইনী দলটোৱে দ
सलमान खान - फोटो सोर्स एक्स


মুম্বাই, ০২ জুন (হি.স.)। অভিনেতা ছলমান খানে “কালা হিৰণ” ছবিখনৰ সন্দৰ্ভত কাষ্টিং ডাইৰেক্টৰ অক্ষয় পাণ্ডেলৈ আইনী জাননী প্ৰেৰণ কৰিছে । খবৰ অনুসৰি ছলমানৰ সৈতে জড়িত কুখ্যাত কালা হিৰণ চোৰাং চিকাৰৰ গোচৰৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন। ছলমানৰ আইনী দলটোৱে দাবী কৰিছে যে ছবিখনে তেওঁৰ ৰাজহুৱা ভাবমূৰ্তিৰ ক্ষতি কৰিব পাৰে আৰু ৰাজস্থান উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰটোত প্ৰভাৱ পেলাব পাৰে। এই জাননীৰ পিছতে এই বিষয়টোক লৈ ব্যাপক চৰ্চা।

ছলমান খানৰ অধিবক্তাই ছবিখনৰ সৈতে জড়িত সকলো কাম শীঘ্ৰে বন্ধ কৰাৰ লগতে অক্ষয় পাণ্ডেৰ পৰা বিনাচৰ্ত ৰাজহুৱা ক্ষমা বিচাৰি দাবী জনাইছে। জাননীখনত অভিযোগ কৰা হৈছে যে ছলমান খানৰ অনুমতি অবিহনে ছবিখনৰ প্ৰচাৰত ছলমান খানৰ নাম আৰু ভাবমূৰ্তি ব্যৱহাৰ কৰা হৈছে। আইনী দলটোৱে কয় যে এই কাৰ্য্যই অভিনেতাজনৰ সুনামৰ ক্ষতিকাৰক আৰু তেওঁৰ জনপ্ৰিয়তাক শোষণ কৰাৰ চেষ্টা কৰে।

সূত্ৰৰ মতে, জাননীখনত স্পষ্টকৈ উল্লেখ আছে যে যদিহে ২৪ ঘণ্টাৰ ভিতৰত চৰ্তসমূহ পূৰণ নকৰে তেন্তে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বৰ্তমান সময়ত অক্ষয় পাণ্ডে বা ছবিখনৰ প্ৰযোজকৰ কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই। সকলোৰে দৃষ্টি এতিয়া এই বিতৰ্কৰ পৰৱৰ্তী পৰিঘটনাৰ ওপৰত।

-----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande