আমিনগাঁৱত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ
আমিনগাঁৱত শোকবহ ঘটনা।
আমিনগাঁৱত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন দুই কিশোৰ


কামৰূপ, ০২ জুন (হি.স.): কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত যোৱা কালি সোমবাৰে বিয়লি এক শোকৱহ ঘটনা সংঘটিত হয় । ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈ পৰে দুই কিশোৰ । এই পৰ্যন্ত কোনো শুংসূত্ৰ পোৱা নাই কিশোৰ দ্বয়ৰ ।

জানিব পৰামতে, উৎকট গৰমৰ বাবে যোৱা কালি বিয়লি নদীৰ গা ধুবলৈ নামিছিল চাৰি গৰাকী কিশোৰ । ইফালে পানীত ডুবিবলৈ ধৰাত স্থানীয় এজন লোকে দুজন কিশোৰক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও আন দুজন নিখোজ হৈ পৰে। এই পৰ্যন্ত সন্ধান নাই আন দুজন কিশোৰৰ । ঘটনাস্থলীত ইতিমধ্যে উদ্ধাৰ কাৰীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাইছে । সন্ধান হীন দুই কিশোৰ ক্ৰমে আমিনগাঁও কালিবাৰীৰ অনুজ যাদৱ (১৫) আৰু ৰাজ শেখৰ পল (১৮) বুলি পৰিচয় পোৱা গৈছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande