
কামৰূপ, ০২ জুন (হি.স.)। ধৰ্ষণকাৰীৰ বিৰুদ্ধে ছয়গাঁৱত বিশাল প্ৰতিবাদ ।
দক্ষিণ কামৰূপৰ ছয়গাঁৱত যোৱা দেওবাৰে পোহৰলৈ অহা নাবালিকা ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত আক্কাচ আলীক ফাঁচি নতুবা এনকাউণ্টাৰ কৰি হত্যা কৰাৰ দাবীত মঙলবাৰে এক বিশাল প্ৰতিবাদী সমদল উলিয়াই বিশ্ব হিন্দু পৰিষদে।
সহস্ৰাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত দক্ষিণ কামৰূপ জিলা বিশ্ব হিন্দু পৰিষদৰ কৰ্মকৰ্তা সকলৰ উপৰিও ছয়গাঁৱৰ বিভিন্ন দল সংগঠনে সহযোগিতা আগবঢ়ায় ।
ধৰ্ষণকাৰীক ফাঁচি দিয়ক । আক্কাশ আলীক এনকাউণ্টাৰ কৰক । হিন্দু আজি জাগিছে --- ইত্যাদি শ্লোগানেৰে ছয়গাঁও অঞ্চলৰ আকাশ বতাহ কঁপাই তোলে ।
তাৰ পিছতে ছয়গাঁও বজাৰৰ পৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ছয়গাঁও আৰক্ষী থানা অভিমুখে ৰাওনা হয় প্ৰতিবাদী সমদলটো ।
ছয়গাঁও আৰক্ষী থানা চৌহদত উপস্থিত থকা পলাশবাৰী সম জিলাৰ আৰক্ষী অধীক্ষক ডেইজী গগৈ আৰু স্থানীয় দণ্ডাধীশ নিথি কলিতা সহ আৰক্ষীৰ বিশাল দলে থানাৰ ভিতৰত প্ৰবেশত বাধা প্ৰদান কৰে।
উল্লেখযোগ্য যে সোমবাৰে নিশা ধৰ্ষণকাৰী আক্কাশ আলীক তদন্তৰ বাবে ছয়গাঁৱলৈ লৈ আহি থকা অৱস্থাত আৰক্ষীৰ পিষ্টল কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলিত আহত হৈছিল আক্কাচ আলী ৷
পিছে ধৰ্ষণকাণ্ড সংঘটিত কৰা লম্পট আক্কাচ আলীক হিন্দু সমাজে ভৰিত নহয়, বুকুত গুলী মৰাৰ দাবী কৰে ৷ আনহাতে প্ৰতিবাদকাৰী দলে অপৰাধীক উচিত শাস্তি প্ৰদানৰ দাবীত অসম আৰক্ষী মহাপৰিদৰ্শকলৈ স্থানীয় দণ্ডাধীশৰ জৰিয়ত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু