(আপডেট) নাজিৰাৰ বিশিষ্ট সাংবাদিক, শিল্পী, অৱসৰপ্ৰাপ্ত শিক্ষক অনুজ ৰাজখোৱাৰ মৃত্যু, নাজিৰা প্ৰেছ ক্লাৱত শেষ শ্ৰদ্ধাঞ্জলী
শিৱসাগৰ, ০২ জুন (হি.স.)। ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক লোকশিল্পী, সমাজ সংগঠক , অৱসৰপ্ৰাপ্ত শিক্ষক অনুজ ৰাজখোৱা দেহাৱসান ঘটে । সোমবাৰে নিশা নাজিৰা সমজিলাৰ অন্তগত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত তেওঁ মৃত্যু হয় । উল্লেখযোগ্য যে বিগত কেইবাবছৰ
(আপডেট) নাজিৰাৰ বিশিষ্ট সাংবাদিক, শিল্পী, অৱসৰপ্ৰাপ্ত শিক্ষক অনুজ ৰাজখোৱাৰ মৃত্যু, নাজিৰা প্ৰেছ ক্লাৱত শেষ শ্ৰদ্ধাঞ্জলী


শিৱসাগৰ, ০২ জুন (হি.স.)। ৰাজ্যৰ এগৰাকী বিশিষ্ট সাংবাদিক লোকশিল্পী, সমাজ সংগঠক , অৱসৰপ্ৰাপ্ত শিক্ষক অনুজ ৰাজখোৱা দেহাৱসান ঘটে । সোমবাৰে নিশা নাজিৰা সমজিলাৰ অন্তগত গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত তেওঁ মৃত্যু হয় ।

উল্লেখযোগ্য যে বিগত কেইবাবছৰ ধৰি স্নায়ু জনিত ৰোগত আক্ৰান্ত হৈ ঘৰতেই চিকিৎসাধীন আৱস্থাত থকা বিশিষ্ট সাংবাদিক, লোক শিল্পী জনৰ স্বাস্থ্য অৱনতি ঘটাত স্থানীয় গেলেকী চিকিৎসালয়লৈ নিয়া হয় যদিও নিশা প্ৰায় ৮-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখ্য় যে ১৯৫৮ চনত শিৱসাগৰ জিলাৰ গেলেকীত জম্মগহণ কৰা অনুজ ৰাজখোৱা পিতৃ আছিল মূক্তিযোদ্ধা প্ৰয়াত গেৰেজাই ৰাজখোৱা আৰু মাতৃ আইকণ ৰাজখোৱা। স্কুলীয়া দিনৰ পৰাই সামাজিক, সাংস্কৃতিক কামকাজত আগৰণুৱা ৰাজখোৱাই বিভিন্ন অনুষ্ঠানত নৃত্য, অভিনয় আদি প্ৰদৰ্শন কৰি দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । স্কুলীয়া শিক্ষাৰ অন্তত গড়গাঁও কলেজত নামভৰ্তি কৰি অধ্যয়নৰ সমান্তৰালভাৱে কলা সংস্কৃতি চৰ্চাত মনোনিবেশ কৰে। এই কলেজত কলা-সংস্কৃতি চৰ্চাত নিজস্ব এক সুকীয়া পৰিচয় দিবলৈ সক্ষম হোৱা ৰাজখোৱাই ১৯৭৮-৭৯ বষত কলেজৰ শ্ৰেষ্ঠ অভিনেতা, শ্ৰেষ্ঠ নাট পৰিচালক, শ্ৰেষ্ঠ নৃত্য শিল্পীৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

তদুপৰি গড়গাঁও কলেজক প্ৰতিনিধিত্ব কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃকলেজ সাংস্কৃতিক প্ৰতিযোগিতাত শ্ৰেষ্ঠ নৃত্য শিল্পীৰ লগতে আন বহু পুৰস্কাৰ লাভ কৰিছিল। অসমীয়া কৃষি বিহুৰ এগৰাকী পৰিবেশক, বিশেষজ্ঞ হোৱাৰ উপৰিও তেওঁ বড়ো, নেপালী, কাৰ্বি ,মিছিং, নগা, ত্ৰিপুৰী, লুচাই, খাচী আদি নৃত্য প্ৰদশনী কৰি ৰ্দশকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল। তদুপৰি এই সকলো নৃত্যৰ বিচাৰক আছিল।

নেপালী নৃত্যৰ এগৰাকী আগশাৰীৰ নৃত্য শিল্পী ৰূপে খ্যাতি অৰ্জন কৰা ৰাজখোৱাই এই নৃত্য উত্তৰ পূৰ্বাঞ্চলৰ উপৰিও উৰিষ্যা, নতুন দিল্লীত প্ৰদশনী কৰিছিল। আনকি ২০০৫ চনত এই নৃত্যৰ বাবে তেওঁ জামানীলৈ আমন্ত্ৰিত হৈছিল যদিও পাৰপত্ৰৰ সমস্যাৰ বাবে যাব নোৱাৰিলে।

আনহাতে ১৯৮৫ চনৰ পৰা ২০০৫ চনলৈকে গুৱাহাটী আ ডিব্ৰুগড় দূৰদৰ্শন কেন্দতো বহুত সাংস্কৃতিক কাৰ্য্যসূচী প্ৰদৰ্শন কৰিছিল। গেলেকী ত্ৰিবেনী হাইস্কুলৰ এগৰাকী শিক্ষক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত শৈক্ষিক দিশৰ লগতে ছাত্র ছাত্ৰী সকলক কলা সংস্কৃতি দিশত আগুৱাই নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। আনহাতে ১৯৭৪ চনতে সাংবাদিকতাৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰি অসমৰ মফচলীয়া অঞ্চলৰ বিভিন্ন সমস্যাৰাজি সংশ্লিষ্ট কতৃফক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছিল। সাপ্তাহিক জনমভূমি, দৈনিক জনমভূমিৰ গেলেকীৰ সংবাদসেৱী ৰূপে আত্মপ্ৰকাশ কৰি পৰৱৰ্তীকালত আজিৰ অসম অসমীয়া প্ৰতিদিন, চেণ্টিনেল আদি কাকতত দীৰ্ঘ দিনে সংবাদ সেৱা আগবঢ়াইছিল।সংবাদ মাধ্যমৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে তেওঁক কমলা শইকীয়া সোঁৱৰণী বঁটা, কনক চন্দ্ৰ শৰ্মা সোঁৱৰণী শ্ৰেষ্ঠ সাংবাদিকতা বঁটা, সদৌ অসম সাংবাদিক সন্থাৰ মাণিক বৰা সোঁৱৰণী সাংবাদিক বঁটা চেণ্টিনেল গোষ্ঠীৰ শ্ৰেষ্ঠ সাংবাদিক বঁটা, শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিক বঁটা, শ্ৰেষ্ঠ সাংস্কৃতিক প্ৰতিবেদক বঁটা গ্ৰাম্য ৰত্ন বঁটা , অখিল ভাৰতীয় সাংস্কৃতিক সংঘৰ সাংস্কৃতিক সুৰভি বঁটা আদিৰে সম্মানিত কৰিছিল।

এগৰাকী দক্ষ সমাজ সংগঠক, নাজিৰা প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক , নাজিৰাৰ বহু সামাজিক, সাংস্কৃতিক ক্ষেত্ৰৰ লগত বিশেষ ভাবে জড়িত ব্যক্তিজনৰ মৃত্যুত আজি নাজিৰাৰ প্ৰেছ ক্লাৱত নাজিৰা প্ৰেছ ক্লাৱ, নাজিৰা সাংবাদিক মঞ্চ,বিভিন্ন দল-সংগঠন, গুণমুগ্ধই আজি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande