
শিৱসাগৰ, ০২জুন (হি.স.)। তেল চোৰৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান ।
শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি এ টি ৰোডৰ কাষত চলিছে অভিযান।
তিনিটা গুদামত বৃহৎ পৰিমাণৰ তেল জব্দ।
এ টি ৰোডৰ কাষত তিনিটা পৰিত্যক্ত গুদামত উদ্ধাৰ ত্ৰিশটাৰ অধিক ইন্ধনজাত সামগ্ৰী ভৰ্তি ড্ৰাম।
আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ইন্ধনজাত সামগ্ৰী ভৰ্তি ড্ৰামখিনি।
সোধা পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে দুজন ব্যক্তিক।
অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ নেতৃত্বত চলিছিল অভিযান।
নেমচান্দ আৰু মাণিকচান্দ নামৰ শিৱসাগৰ ষ্টেচন চাৰিআলিৰ এটা পেট্ৰল ডিপোৰ পৰা কিছুদিন পূৰ্বে এক লাখ আশীহাজাৰ টকাৰ ইন্ধনজাত সামগ্ৰী ক্ৰয় কৰি পলায়ন কৰিছিল এজন ব্যক্তিয়ে।
ডিপোটোৰ স্বত্বাধিকাৰীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গোপনে অভিযান চলাই জব্দ কৰে তেলখিনি।
আৰক্ষীয়ে সোধা পোছাৰ বাবে আটক কৰিছে মুস্তাক খান আৰু ইছফাক আহমেদ নামৰ দুজন ব্যক্তিক।
আৰক্ষীয়ে ইতিমধ্যে তেল চুৰি চক্ৰটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।
শিৱসাগৰৰ বি জি ৰো'ডত আৰক্ষীয়ে বৃহৎ সংখ্যক ডিজেল মজুত কৰি ৰখা এটা গুডামত অভিযান।
দুজনক আটক। গাড়ী চালক মুস্তাক খান আৰু বাহনৰ মালিক ইচফাক আহমেদক।
প্ৰাপ্ত তথ্য অনুসৰি শিৱসাগৰৰ নেমচান্দ মানিকচান্দ নামৰ এটা পেট্ৰল ডিপোৰ পৰা এই চক্ৰটোৱে প্ৰৱঞ্চনাৰে তেল ভৰাই পইচা নিদিয়াকৈ উধাও হৈছিল।
পেট্ৰল পাম্প কতৃপক্ষই আৰক্ষীক অভিযোগ দিয়াৰ পাছতে আৰক্ষীৰ তদন্তত অবৈধ ভাৱে মজুত কৰি ৰখা তেল তথা ঘাটি উন্মোচিত হয়।
অবৈধ তেল মজুত কৰি ৰখা গুডামটো সুভাষ দাস নামৰ ব্যক্তিজনৰ।
গুডামত প্ৰায় ১৮০০ লিটাৰ তেল মজুত আছিল।
ঘটনাৰ সৈতে জড়িত দুখন গাড়ী জব্দ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা