শিৱসাগৰ সমষ্টিৰ গৌৰীসাগৰস্থিত হাতীঘূলি-খনামুখ সংযোগী পথৰ দুৰৱস্থা
শিৱসাগৰ সমষ্টিৰ গৌৰীসাগৰস্থিত হাতীঘূলি-খনামুখ সংযোগী পথৰ দুৰৱস্থা।
শিৱসাগৰ সমষ্টিৰ গৌৰীসাগৰস্থিত হাতীঘূলি-খনামুখ সংযোগী পথৰ দুৰৱস্থা


শিৱসাগৰ, ০২ জুন (হি.স.): শিৱসাগৰ সমষ্টিৰ গৌৰীসাগৰস্থিত হাতীঘূলি-খনামুখ সংযোগী পথৰ দুৰৱস্থাৰ ফলত যাতায়তৰ ক্ষেত্ৰত ব্য়াপক আহুকালৰ সৃষ্টি হৈছে । প্ৰায় ৭ কি:মি: দৈঘ্যৰ পথটোত যাতায়াতত যমৰ যাতনা ভুগিছে স্থানীয় লোকসকলে । দীৰ্ঘদিন ধৰি পথটো মেৰামতি নকৰাৰ ফলত জহি–খহি গৈছে।

উল্লেখ্য় যে খনামুখৰ বৃহত্তৰ অঞ্চল সংযোগী ব্যস্ত পথটো এজাক বৰষুণত পথৰ ওপৰতে গাঁতত পুখুৰী সদৃশ পানী জমা হয় । ফলত স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ ভীষণ অসুবিধা হোৱা লগতে দুৰ্ঘটনা সংঘটিত হৈ আহিছে । স্থানীয় লোকে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ অথবা লোক নিৰ্মাণ বিভাগক শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande