
বিশ্বনাথ, ০২ জুন (হি.স.): ঐতিহাসিক গহপুৰ আৰক্ষী থানা খন সম্প্ৰতি দুৰাৱস্থাৰ সন্মুখীন হৈছে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি বিজড়িত গহপুৰ আৰক্ষী থানা খন জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে । এই থানৰ পৰাই ১৯৪২ৰ ২০ চেপ্তেম্বৰত ব্ৰিটিছ পুলিচ গৈ কাষতে থকা বৰপুখুৰীৰ পাৰত গুলীয়াই হত্যা কৰিছিল স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিক ।
উল্লেখ্য় যে অসম চৰকাৰৰ প্ৰত্নতত্ত বিভাগে ঐতিহাসিক থানা হিচাপে ঘোষণা কৰি সংৰক্ষণৰ ব্যৱস্থা কৰে । ২০২০ চনত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শ্বহিদ দুগৰাকীৰ ত্যাগৰ প্ৰতীক হিচাপে থকা ঐতিহাসিক গহপুৰ থানা খন ৰাইজৰ বাবে আনুষ্ঠানিক ভাৱে মুকলি কৰি দিয়ে । মুকলি হ'ল ঠিকে কিন্তু থানাৰ ভিতৰত সংৰক্ষণ কৰি থোৱা ঐতিহাসিক সম্পদ সমূহ ৰাইজে দেখা নাপালে। দুই - এদিন খোলাৰ পাছত বৰতলা উলমিল থানা খনত । এতিয়া সন্মুখত ভাগত গছৰ পাত, থানাৰ গৃহৰ ওৱাল বোৰত চিৰাল ফাট মেলিব ধৰিছে। হাবি জংঘলেৰে আবৰি আছে ছহিদৰ স্মৃতিত বিজিত থানা খন । বিভাগৰ তৰফৰ পৰা কৰ্মচাৰী নিয়োগ কৰা হৈছে যদিও দেখা পোৱা নাযায় কৰ্মচাৰী । লাখ লাখ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰা ঐতিহাসিক থান খন সম্পূৰ্ণ জৰাজীৰ্ণ হৈ পৰিছে । ইয়াকে লৈ দল, সংগঠন আৰু ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ