
নতুন দিল্লী, ০২ জুন (হি.স.)। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু বঁটা ২০২৬ৰ মনোনয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আবেদন আৰু মনোনয়নৰ অন্তিম তাৰিখ ২০২৬ চনৰ ৩১ জুলাই।
এই বঁটাত বিভিন্ন ক্ষেত্ৰত ব্যতিক্ৰমী কৃতিত্ব অৰ্জন কৰা শিশুসকলক স্বীকৃতি দিয়া হয়। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে মঙলবাৰে কয় যে এই বঁটা ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে।
পাঁচৰ পৰা ১৮ বছৰ বয়সৰ শিশুৱে (৩১ জুলাই, ২০২৬ তাৰিখলৈকে) যোগ্য। যিকোনো ব্যক্তি বা সংস্থাই মনোনয়ন দিব পাৰে, আনহাতে শিশুসকলেও নিজেই আবেদন কৰিব পাৰে।
এই বঁটাসমূহ ৬টা শাখাত প্ৰদান কৰা হ’ব:
সাহস, সমাজ সেৱা, পৰিৱেশ, ক্ৰীড়া, কলা আৰু সংস্কৃতি,
আৰু বিজ্ঞান আৰু প্ৰযুক্তি।
ৰাষ্ট্ৰীয় বঁটা পৰ্টেলত অনলাইনযোগেহে আৱেদন গ্ৰহণ কৰা হ’ব। আবেদনৰ বাবে নাম, জন্ম তাৰিখ, আধাৰ নম্বৰ, মোবাইল নম্বৰ, ইমেইল ঠিকনা আদি তথ্যৰ প্ৰয়োজন। আবেদনকাৰীয়ে উপলব্ধ মনোনয়ন তালিকাৰ পৰা প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় শিশু বঁটা ২০২৬ নিৰ্বাচন কৰি সংশ্লিষ্ট শিতানত আবেদন কৰিব লাগিব।
আবেদন পত্ৰৰ সৈতে এই কৃতিত্ব আৰু ইয়াৰ প্ৰভাৱৰ ১০০০ শব্দৰ বৰ্ণনা বাধ্যতামূলক, লগতে প্ৰয়োজনীয় প্ৰমাণপত্ৰ আৰু শেহতীয়াকৈ ফটো এখনো।
মন্ত্ৰালয়ে অভিভাৱক, শিক্ষক, সামাজিক সংগঠন, আৰু নাগৰিকসকলক এই বঁটাৰ বাবে আবেদন বা মনোনীত কৰাত প্ৰাপ্য আৰু প্ৰতিভাৱান শিশুসকলক সহায় কৰিবলৈ আহ্বান জনাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া