
নগাঁও, ০২ জুন (হি.স.): অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে য়োৱা কালি সোমবাৰে নিশা ৰহা আৰক্ষীয়ে সফল অভিযান চলায় । গোপন সূত্ৰৰ পম খেদি ৰহা আৰক্ষীয়ে জব্দ কৰে এখন গৰু ভৰ্তি বলেৰ' পিক আপ বাহন।
জানিব পৰামতে নগাঁৱৰ পৰা গুৱাহাটী অভিমুখী আছিল গো সৰবৰাহ কৰা বাহন খন। ৰহা টোলগেটত ৰহা আৰক্ষীয়ে জব্দ কৰে বাহন খন। বাহনখনত আছিল ১২টা গৰু। গো সৰবৰাহ কৰা বাহন খনৰ নম্বৰ এএছ ১২ চিচি ৮০৮২ বুলি জানিব পৰা গৈছে। বাহনখনত অতি নিৰ্মমভাৱে মুখ আৰু ঠেং বান্ধি পান জপা দি জাপি আনিছিল গো ধন কেইটা । আৰক্ষীয়ে গো–ধনসমূহ উদ্ধাৰ কৰি মুকলি কৰে আৰু এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ