খাৰুপেটীয়াৰ সামূহিক চিকিৎসালয়ত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা
মৃত যুৱকজনৰ নাম স্বপন সাহা ।
খাৰুপেটীয়াৰ সামূহিক চিকিৎসালয়ত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা


দৰং, ০২ জুন (হি.স.): দৰং জিলাৰ খাৰুপেটীয়াৰ সামূহিক চিকিৎসালয়ত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়। প্ৰাপ্ত তথ্য অনুসৰি, স্বপন সাহা নামৰ যুৱকজনে দেওবাৰৰ নিশাৰ পৰা বমি কৰি অসুস্থ হৈ পৰিছিল। তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে যোৱা কালি সোমবাৰৰ পুৱা প্ৰায় ৯ বজাত খাৰুপেটীয়াৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰায়। চিকিৎসালয়ত উপস্থিত থকা চিকিৎসকে প্ৰাথমিক পৰীক্ষা-নিৰীক্ষাৰ পিছত চিকিৎসা আৰম্ভ কৰে আৰু যুৱকজনক চেলাইন প্ৰদান কৰা হয় । কিন্তু চিকিৎসাধীন অৱস্থাতেই কালি বিয়লি স্বপন সাহাৰ মৃত্যু ঘটে ।

যুৱকজনৰ আকস্মিক মৃত্যুৰ ঘটনাই পৰিয়ালৰ মাজত হুৱা দুৱা লাগে । যুৱক জনৰ মৃত্যু সন্দৰ্ভত চিকিৎসকে মন্তব্য প্ৰকাশ কৰি কয় যে যুৱক জন অসুস্থ আছিল যদিও উপযুক্ত চিকিৎসা কৰা হয় যদিও যুৱকজনৰ মৃত্যু হয় । যুৱক জনৰ মৃত্যুৰ সঠিক কাৰণ পোহৰলৈ অহা নাই । ইফালে, ঘটনাক কেন্দ্ৰ কৰি স্থানীয় লোকসকলৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মৃত্যুৰ প্ৰকৃত কাৰণ চিকিৎসা প্ৰতিবেদন অথবা তদন্তৰ পিছতহে স্পষ্ট হ'ব । উল্লেখ্য যে হস্পিতালত উপস্থিত ৰোগীৰ আত্মীয় তথা একাংশই হস্পিতালৰ ফেন , পৰিস্কাৰ পৰিচন্নতা হীনতা আদি নানা অভাৱৰ অভিযোগ উত্থাপন কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande