ক্ৰমাৎ সুস্থ হৈছে মৃদুমুদ্ৰা ডেকা, কিন্তু সংকটমুক্ত নহয়- জি এম চি এইছৰ অধীক্ষক
গুৱাহাটী, ০২ জুন (হি.স.)। নলবাৰীত ঘাতক ৰোজৰ নৃশংস আক্ৰমণৰ ফলত অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পাতালত সম্প্ৰতি চিকিৎসাধীন হৈ থকা মৃদুমুদ্ৰা ডেকা ক্ৰমশ সুস্থ হৈ উঠিছে। ক্ৰমশ সুস্থ হৈ উঠিলেও কিন্তু এতিয়াও তেওঁ সংকটমুক্ত হোৱা নাই । আজি
ক্ৰমাৎ সুস্থ হৈছে মৃদুমুদ্ৰা ডেকা, কিন্তু সংকটমুক্ত নহয়- জি এম চি এইছৰ অধীক্ষক


গুৱাহাটী, ০২ জুন (হি.স.)। নলবাৰীত ঘাতক ৰোজৰ নৃশংস আক্ৰমণৰ ফলত অতি সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হস্পাতালত সম্প্ৰতি চিকিৎসাধীন হৈ থকা মৃদুমুদ্ৰা ডেকা ক্ৰমশ সুস্থ হৈ উঠিছে। ক্ৰমশ সুস্থ হৈ উঠিলেও কিন্তু এতিয়াও তেওঁ সংকটমুক্ত হোৱা নাই । আজি এই কথা সদৰী কৰিছে জি এম চি এইছৰ অধীক্ষক ডা দেৱজিৎ বৰুৱাই ।

জি এম চি এইছৰ অধীক্ষক গৰাকীয়ে কয় যে ‘‘মৃদুমুদ্ৰা ডেকা এতিয়া সুস্থ, কিন্তু সংকটমুক্ত নহয় । এতিয়া মৃদুমুদ্ৰাৰ দেহত হিমগ্লোবিনৰ মাত্ৰা ৮.৪ আছে । আঘাতপ্ৰাপ্ত যুৱতীগৰাকীৰ সংক্ৰমণ কিছু কমিছে । তদুপৰি এম আৰ আই কৰা হৈছে মৃদুমুদ্ৰা ডেকাৰ আৰু আবেলিলৈ এম আৰ আইৰ প্ৰতিবেদন লাভ কৰা যাব । অধীক্ষকগৰাকীয়ে কয় যে ‘‘মৃদুমুদ্ৰা ডেকাৰ পেটৰ এটা আলট্ৰাাচাউণ্ড কৰিব লাগিব । নিউৰোচাৰ্জাৰী, মেডিচিন আৰু চাইকোলোজি বিভাগৰ অভিজ্ঞ চিকিৎসকে মৃদুমুদ্ৰাৰ চিকিৎসা কৰি আছে । ইফালে মৃদুমুদ্ৰাই বৰ্তমান খাদ্য গ্ৰহণ কৰিব পৰা হৈছে বুলিও অধীক্ষক গৰাকীয়ে জনায় । আঘাতপ্ৰাপ্ত মৃদুমুদ্ৰা ডেকাৰ মানসিক দিশটো ঠিক হ'বলৈ সময় লাগিব । হিমগ্লোবিনৰ মাত্ৰা ১০.৪ হ’লেই বাকী চিকিৎসা কৰাৰ চিন্তা কৰিম বুলিও তেওঁ কয়। এতিয়া আই চি ইউ তে ৰখা হৈছে মৃদুমুদ্ৰা ডেকাক।

উল্লেখ্য যে দেওবাৰে সন্ধিয়া ৰোজ আলীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল নলবাৰীৰ মৃদুমুদ্ৰা ডেকা নামৰ যুৱতীগৰাকী । নলবাৰীৰ ৰাজপথতে ৰোজ আলীয়ে অতি নৃশংসভাৱে আক্ৰমণ কৰিছিল মৃদুমুদ্ৰা ডেকা আৰু ভাতৃ মাধুৰ্য বৰ্মনক । আক্ৰমণত মৃত্যু হৈছিল মাধুৰ্যৰ ।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande