জামুগুৰিহাটত জলাতংক ৰোগত আক্ৰান্ত তিনিজনী গৰু, কেইবাটাও ছাগলীৰ মৃত্য়ু
শোণিতপুৰ, ০২জুন (হি.স.)। জামুগুৰিহাটত জলাতংক ৰোগৰ আতংক। চন্দ্ৰপুৰ গাঁৱত মৰিছে তিনিজনীকৈ গৰুৰ লগতে কেইবাটাও ছাগলী। জামুগুৰিহাটৰ চন্দ্ৰপুৰ গাঁৱত জলাতংক ৰোগৰ আতংক। বলিয়া কুকুৰে কামোৰাৰ ফলত গাওঁখনত মৃত্যু হৈছে তিনিজনীকৈ গৰুৰ লগতে কেইবাটাও ছাগলীৰ। ই
জামুগুৰিহাটত জলাতংক ৰোগত আক্ৰান্ত তিনিজনী গৰু, কেইবাটাও ছাগলীৰ মৃত্য়ু


শোণিতপুৰ, ০২জুন (হি.স.)। জামুগুৰিহাটত জলাতংক ৰোগৰ আতংক। চন্দ্ৰপুৰ গাঁৱত মৰিছে তিনিজনীকৈ গৰুৰ লগতে কেইবাটাও ছাগলী।

জামুগুৰিহাটৰ চন্দ্ৰপুৰ গাঁৱত জলাতংক ৰোগৰ আতংক। বলিয়া কুকুৰে কামোৰাৰ ফলত গাওঁখনত মৃত্যু হৈছে তিনিজনীকৈ গৰুৰ লগতে কেইবাটাও ছাগলীৰ।

ইতিমধ্যে পশু চিকিৎসালয়ৰ ফালৰ পৰাও গাওঁবাসীক এইয়া জলাতংক ৰোগ বুলি নিশ্চিত কৰাত এতিয়া চিন্তিত হৈ পৰিছে ৰাইজ। এই ৰোগ যাতে অধিক সোচৰিত হ'ব নোৱাৰে তাৰ বাবে পশু চিকিৎসকৰ লগতে প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande