
বৰপেটা, ০২ জুন (হি.স.): বৰপেটা জিলাৰ কলগাছিয়াত আইপিএল জুৱাৰী আটক কৰা হৈছে । কলগাছিয়া আৰক্ষীয়ে হালধীয়া গাঁৱৰ পৰা দেৱান জেহেৰুল নামৰ আইপিএল জুৱাৰী জনক আটক কৰে ।
বিশেষ সূত্ৰত জানিব পৰা মতে দেৱান জেহেৰুলৰ বৰপেটা ৰোডত থকা ঘৰতো কালি অভিযান চলায় আৰক্ষীয়ে । ইয়াৰ উপৰিও গুৱাহাটীৰ এখন ফ্লেটতো অভিযান চলাই পূনৰ কলগাছিয়া থানালৈ আনে । কালি বিয়লি কলগাছিয়া আৰক্ষীয়ে ৫৬/২৬ নং গোচৰ ৰুজু কৰি জেল লৈ প্ৰেৰণ কৰে। ধৃত জেহেৰুলৰ পৰা দুটা ম'বাইল ফোন, নগদ ২০,০০০ টকা, ১২ খনকৈ বেলেগ বেলেগ মানুহৰ নামত থকা ডেবিট কাৰ্ড, বিলাসীবাহন (Volkswagen Virtus ) আৰু জুৱাৰ লেনদেনৰ হিচাপ থকা বহী জব্দ কৰিবলৈ সক্ষম হয়। স্থানীয় সচেতন মহলে অনলাইন /অফলাইন জুৱা বন্ধ কৰিবলৈ প্ৰশাসনক কঠোৰ পদক্ষেপৰ দাবী জনায় লগতে জুৱা চক্ৰৰ ৰৌ বৰালি আটক কৰি সম্পূৰ্ণ ৰূপে জুৱা ৰোধ কৰিবলৈ আহ্বান জনায় ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ