
যোৰহাট,০২ জুন (হি.স.)। যোৰহাটৰ চোলাধৰাত নিশা এক কোটি টকাৰ ড্ৰাগছ জব্দ ।চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন সুত্ৰৰ তথ্য়ৰ ভিত্তিত আৰক্ষী চলোৱা অভিযানত গোচামিম আখতাৰ আৰু নাজিম আহমেদ নামৰ দুই যুৱকৰ জিম্মাৰ পৰা উদ্ধাৰ ১৭ টা কন্টেইনাৰত বৃহৎ পৰিমানৰ ড্রাগছ জব্দ কৰিব সক্ষম হই আৰক্ষী।
এএছ ০৫এন ০৯২৯ নম্বৰৰ পালচাৰ বাইকত এটা বজাৰ কৰা মোনাত ১ কোটি টকাৰ ড্ৰাগছ কঢিয়াই মেৰাপানীৰ পৰা দেৰগাওঁ নাহৰণিলৈ গৈ আছিল দুই যুৱক।আৰক্ষীৰ জিম্মাত থকা দুই সৰবৰাহকাৰী যুৱকক বৰ্তমান জেৰা চলাই আছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু