
হাইলাকান্দি,০২ জুন (হি.স.)। যোৱা ৩০ মে তাৰিখে হাইলাকান্দি কংগ্ৰেছ ভবনত সোনাইৰ বিধায়ক আমিনুল হক লস্কৰৰ ওপৰত আক্ৰমনক কেন্দ্ৰ কৰি হাইলাকান্দি জিলা কংগ্ৰেছৰ চাৰি সাধাৰন সম্পাদকক বহিষ্কাৰ কৰিলে অসম প্ৰদেশ কংগ্ৰেছে কমিটিয়ে। যোৱা ৩০ মে তাৰিখে হাইলাকান্দি জিলা কংগ্ৰেছ ভবনত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকত সোনাইৰ বিধায়ক আমিনুল হক লস্কৰ উপস্থিত হৈছিল আৰু তেতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
ঘটনাৰ সৈতে জড়িত থকা হাইলাকান্দি জিলা কংগ্ৰেছৰ চাৰিজন সম্পাদকক বহিষ্কৃত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। কংগ্ৰেছৰ অসম প্ৰদেশ সভাপতি গৌৰব গগৈৰ নিৰ্দেশত চাৰিজন সম্পাদকক নিলম্বন কৰা হৈছে। নিলম্বিত কেইজন হৈছে ক্ৰমে জাহান উদ্দিন বৰভুইয়া,ছাৰিম চহিদুল, মিতুজ্জামান লস্কৰ আৰু নজমুল হুছেইন বৰভুইয়া।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু