এদশক ধৰি অসম্পূৰ্ণ হৈ থাকিল সৰুপথাৰ সমজিলাৰ শীতল ভঁড়াল
গোলাঘাট, ০২ জুন (হি.স.)। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে প্ৰকৃত কৃষকে উচিত মূল্য নাপাই পেলাই দিবলগীয়া হৈছে উৎপাদিত ফচল ৷ দৰিদ্ৰ কৃষকে ধাৰ ঋণ কৰি কৃষিকৰ্ম কৰি এতিয়া পৰিবলগীয়া হৈছে বিপাঙত ৷ যাৰবাবে এতিয়া সৰুপথাৰ সমজি
এদশক ধৰি অসম্পূৰ্ণ হৈ থাকিল সৰুপথাৰ সমজিলাৰ শীতল ভঁড়াল


গোলাঘাট, ০২ জুন (হি.স.)। ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে প্ৰকৃত কৃষকে উচিত মূল্য নাপাই পেলাই দিবলগীয়া হৈছে উৎপাদিত ফচল ৷ দৰিদ্ৰ কৃষকে ধাৰ ঋণ কৰি কৃষিকৰ্ম কৰি এতিয়া পৰিবলগীয়া হৈছে বিপাঙত ৷ যাৰবাবে এতিয়া সৰুপথাৰ সমজিলাৰ বহু কৃষকে উৎপাদিত সামগ্ৰী গৰু ছাগলীক খোৱাব লগীয়া এক পৰিবেশৰ সৃষ্টি হৈছে ৷

উল্লেখ্য় যে কৃষকসকলৰ উৎপাদিত সামগ্ৰী সংৰক্ষণৰ সুবিধাৰ্থে সৰুপথাৰ সমজিলাত এটি শীতল ভঁড়াল আৰম্ভ কৰা হৈছিল। পিছে ২০১৪ চনত নিৰ্মান কৰা শীতল ভঁড়াল বৰ্তমানলৈকে অসম্পূৰ্ণ হৈ থাকিল । যাৰ ফলত উপকৃত হোৱা নাই কৃষকৰাইজ। এইক্ষেত্ৰত নিৰুপায় কৃষি বিষয়াসকল । ইয়াৰ সমান্তৰাল ভাৱে বৰ্তমান ভূতবাংলালৈ ৰৃপান্তৰ হৈছে সৰুপথাৰ সমজিলাৰ এই শীতল ভঁড়াল ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande