চামগুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
চামগুৰিত গভীৰ নিশাত সংঘটিত এক বিধংসী অগ্নিকাণ্ড।
চামগুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা


নগাঁও, ০২ জুন (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ বৰমা অঞ্চলত অৱস্থিত “লভলী এন্টাৰপ্ৰাইজ” নামৰ এখন বিপনীত হঠাতে অগ্নিকাণ্ড সংঘটিত হোৱাত মুহূৰ্তৰ ভিতৰতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে । জানিব পৰা মতে,কালি নিশাৰ সময়ত বিপনীখনৰ ভিতৰত হঠাতে জুই লাগি উঠে আৰু কিছু সময়ৰ ভিতৰতে দোকানখনৰ এটা বৃহৎ অংশ সম্পূৰ্ণভাবে জাহ যায় ।

অগ্নিকাণ্ডৰ ফলত বিপনীখনত সংৰক্ষিত বহু মূল্যৱান সামগ্ৰী ভস্মীভূত হয় । বিপনী খনত থকা ইনভাৰ্টাৰ বেটাৰী, ফ্ৰীজকে ধৰি বিভিন্ন সামগ্ৰী সম্পূৰ্ণ ৰূপত ভস্মীভূত হয় । প্ৰাথমিক অনুমান অনুসৰি এই ঘটনাত পঞ্চাশ লাখ টকাৰো অধিক মূল্যৰ সামগ্ৰী সম্পূৰ্ণভাবে নষ্ট হোৱা বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই স্থানীয় ৰাইজে তৎপৰতাৰে আগবাঢ়ি আহি জুই নিয়ন্ত্ৰণৰ চেষ্টা চলায়। পিছত অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বহু সময় ধৰি অভিযান চলাই জুই সম্পূৰ্ণ নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় । কোনো লোক হতাহত হোৱা তথ্য এই পৰ্যন্ত পোৱা নাই যদিও অগ্নিকাণ্ডই বিপুল ক্ষতি সাধন কৰিছে । ইফালে ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণ আৰু সুৰক্ষাৰ বাবে চামগুৰি আৰক্ষীয়ে এটা বৃহৎ আৰক্ষী দল মোতায়ন কৰে । অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লাগিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে । তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande