নুমলীগড়ত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটত আহত দুজন
নুমলীগড়ত ভয়ংকৰ ঘটনা।
নুমলীগড়ত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটত আহত দুজন


গোলাঘাট, ০২ জুন (হি.স.): গোলাঘাট জিলাৰ নুমলীগড়ত য়োৱা কালি বিয়লি সংঘটিত হয় এক ভয়ংকৰ ঘটনা। নুমলীগড়ৰ বগীঢলা চাহ বাগিচাত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা ঘটে । এই ঘটনাত চোকা অস্ত্ৰৰ প্ৰহাৰত আহত হয় দুজন লোক। গুৰুতৰভাৱে আহত জগদিশ তাঁতী আৰু আনন্দ নায়ক নামৰ লোক দুজনক বিবেকানন্দ কেন্দ্ৰ এন আৰ এল হাস্পতালত ভৰ্তি কৰা হৈছে।

ঘটনাৰ সন্দৰ্ভত নুমলীগড় আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। ইতিমধ্যে আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। চোকা অস্ত্ৰৰে আক্ৰমণ চলোৱা মনে উৰাঙে ইতিমধ্যে নুমলীগড় আৰক্ষীৰ ওচৰত আত্ম সমৰ্পন কৰিছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande