
যাত্ৰী সুবিধাৰ্থে দুখন ৱান ৱে বিশেষ ৰেলৰ পৰিচালন
গুৱাহাটী, ০২ জুন (হি.স.)। গ্ৰীষ্মকালীন যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে ৰেল নং ০৫৯৩২/০৫৯৩১ (ডিব্ৰুগড় - কলকাতা - ডিব্ৰুগড়) আৰু ৰেল নং ০৩৪০৭/০৩৪০৮ (ভাগলপুৰ - কাটিহাৰ - ভাগলপুৰ) ৰ সেৱা যথাক্ৰমে অতিৰিক্ত আঠটা আৰু তিনিটা ট্ৰিপলৈকে সম্প্ৰসাৰণ কৰা হৈছে। ইয়াৰ উপৰিও ৰেল নং ০৫৬৩০ (গুৱাহাটী - তিৰুপতি) আৰু ৰেল নং ০৫৮৬২ (ৰঙাপাৰা নৰ্থ - বিজয়াৱাড়া) এটা ট্ৰিপৰ বাবে ৱান ৱে বিশেষ ৰেল সেৱা ৰূপে পৰিচালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
ৰেল নং ০৫৯৩২ (ডিব্ৰুগড় - কলকাতা) বিশেষ ৰেলখন ৬ জুনৰ পৰা ২৫ জুলাই, ২০২৬ লৈকে সম্প্ৰসাৰণ কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত ৰেল নং ০৫৯৩১ (কলকাতা - ডিব্ৰুগড়) বিশেষ ৰেলখন ৮ জুনৰ পৰা ২৭ জুলাই, ২০২৬ লৈকে সম্প্ৰসাৰণ কৰা হৈছে। এই ৰেলসমূহ বিদ্যমান সেৱাৰ সময়সূচী, গঠন আৰু ষ্টপেজসমূহৰ সৈতে অতিৰিক্ত আঠটা ট্ৰিপৰ বাবে চলাচল কৰিব।
ৰেল নং ০৩৪০৭ (ভাগলপুৰ - কাটিহাৰ) বিশেষ ৰেলখন ৪ জুন, ২০২৬ লৈকে সম্প্ৰসাৰণ কৰা হৈছে। উভতনি যাত্ৰাৰ দিশত ৰেল নং ০৩৪০৮ (কাটিহাৰ - ভাগলপুৰ) বিশেষ ৰেলখন ৪ জুন, ২০২৬ লৈকে সম্প্ৰসাৰণ কৰা হৈছে। এই ৰেলসমূহ বিদ্যমান সেৱাৰ সময়সূচী, গঠন আৰু ষ্টপেজসমূহৰ সৈতে অতিৰিক্ত তিনিটা ট্ৰিপৰ বাবে চলাচল কৰিব।
ইয়াৰ উপৰিও ৪ জুন, ২০২৬ তাৰিখে দুখন ৱান ৱে বিশেষ ৰেল এটাকৈ ট্ৰিপৰ বাবে পৰিচালন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অৰ্থাৎ ৰেল নং ০৫৬৩০ (গুৱাহাটী - তিৰুপতি) আৰু ৰেল নং ০৫৮৬২ (ৰঙাপাৰা নৰ্থ - বিজয়ৱাড়া) ৰেলখন বৃহস্পতিবাৰে চলাচল কৰিব।
এই বিশেষ ৰেল সেৱাসমূহে গ্ৰীষ্মকালীন যাত্ৰী ভিৰৰ সময়চোৱাত উন্নত সংযোগ, সুগম যাত্ৰী পৰিবহণ আৰু অধিক আৰামদায়ক ভ্ৰমণ নিশ্চিত কৰি তুলিব।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী