
নতুন দিল্লী, ০২ জুন (হি.স.)। বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন (ফেমা) উলংঘা কৰাৰ অভিযোগত মঙলবাৰে বেদান্ত গোটৰ বিভিন্ন চৌহদত অভিযান চলায় প্ৰৱৰ্তন সঞ্চালকালয়ে।
পুৱাৰে পৰা বেদান্ত গোটৰ সৈতে জড়িত চৌহদত ইডিৰ দলসমূহে তালাচী চলাইছে। অভিযানৰ সময়ত নথি-পত্ৰ আৰু ডিজিটেল প্ৰমাণ পৰীক্ষা কৰা হৈছে। তদন্ত অব্যাহত আছে।
সূত্ৰসমূহে জনোৱা মতে, ফেমাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত চলি থকা তদন্তৰ সৈতে জড়িত এই অভিযান চলোৱা হৈছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া