
ডিব্ৰুগড়, ০২ জুন (হি.স.)। দুলীয়াজানত উদ্ধাৰ এডাল প্ৰকাণ্ড অজগৰ। অসম গেছ কোম্পানী লিমিটেডৰ প্ৰৱেশ দ্বাৰৰ সমীপত উদ্ধাৰ অজগৰ ।
দীৰ্ঘদিনৰ পৰা অজগৰডালে স্থানীয় ৰাইজৰ পোহনীয়া হাঁহ আৰু কুকুৰা ভক্ষণ কৰিছিল বুলি জানিবপৰা গৈছে। স্থানীয় দিগন্ত চাংমাই নামৰ লোকজনে অজগৰডাল উদ্ধাৰ কৰে । পিচত নিৰাপদস্থানত অজগৰডালক মোকলাই দিয়া হয় ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা