
গুৱাহাটী, ০২ জুন (হি.স.)।
ক্ষেত্ৰীৰ তেতেলীয়াত নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰে এখন তীব্ৰবেগী ট্ৰাকে।
ঘটনাত এজন লোকৰ মৃত্যু হয়।
গুৱাহাটীৰ পৰা উজনি অসম অভিমুখে প্লাষ্টিক চকী কঢ়িয়াই নিয়া এএছ ২৫এফচি ০৩৭৫ নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে।
খুন্দাৰ ফলত ডিভাইডাৰৰ ৰেলিং ট্ৰাকখনৰ মাজেৰে ইপাৰ-সিপাৰ হৈ যায় আৰু ঘটনাস্থলীতেই এজন লোক নিহত হয়।
বৰ্তমানলৈকে নিহত লোকজনৰ পৰিচয় চিনাক্ত হোৱা নাই।
খবৰ পাই নিশাই ক্ষেত্ৰী যানবাহন আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ক্ষেত্ৰীৰ তেতেলীয়াৰ এই ভয়ংকৰ দুৰ্ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা