ডিমৰীয়াৰ তেতেলীয়াত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত
গুৱাহাটী, ০২জুন (হি.স.)। ডিমৰীয়াৰ তেতেলীয়াত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। প্লাষ্টিক চকী কঢ়িওৱা ট্ৰাক দুৰ্ঘটনা গ্ৰস্ত থিতাতে নিহত এজন। গুৱাহাটীৰ পৰা উজনি অসম অভিমুখী এএছ ২৫এফচি ০৩৭৫ নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডি
ডিমৰীয়াৰ তেতেলীয়াত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা


ডিমৰীয়াৰ তেতেলীয়াত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা


গুৱাহাটী, ০২জুন (হি.স.)। ডিমৰীয়াৰ তেতেলীয়াত মাজনিশা ভয়ংকৰ পথ দুৰ্ঘটনা। প্লাষ্টিক চকী কঢ়িওৱা ট্ৰাক দুৰ্ঘটনা গ্ৰস্ত থিতাতে নিহত এজন। গুৱাহাটীৰ পৰা উজনি অসম অভিমুখী এএছ ২৫এফচি ০৩৭৫ নম্বৰৰ তীব্ৰবেগী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

ফলত ডিভাইডাৰৰ ৰেলিং ট্ৰাক খনৰ মাজেৰে ইপাৰ সিপাৰ হৈ আৱদ্ধ হৈ এজন লোক থিতাতে নিহত হয়। এই পৰ্যন্ত চিনাক্ত কৰিব পৰা হোৱা নাই লোকজনৰ পৰিচয় ।ঘটনাস্থলীত নিশাই ক্ষেত্ৰী যানবাহন আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande