নগাঁৱৰ গোমোঠা গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জ্বলি উঠিল ডাম্পাৰ
নগাঁৱৰ গোমোঠা গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জ্বলি উঠিল ডাম্পাৰ।
নগাঁৱৰ গোমোঠা গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত জ্বলি উঠিল ডাম্পাৰ


নগাঁও, ০২ জুন (হি.স.): নগাঁৱৰ গোমোঠা গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত যোৱা কালি সোমবাৰে সন্ধিয়া সংঘটিত হয় এক অঘটন। ৰাজপথতে জ্বলি উঠিল ডাম্পাৰ এখন । ইয়াৰ ফলত বহু সময় ধৰি বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা ।

জানিব পৰামতে, নগাঁও টাউন দিশে গৈ থকা অৱস্থাত জ্বলি উঠে ডাম্পাৰ খন । কি কাৰণত জ্বলি উঠিল বাহন খন জানিব পৰা হোৱা নাই যদিও, যান্ত্ৰিক বিজুতিৰ বাবেই জ্বলি উঠাৰ সন্দেহ কৰা হৈছে । ঘটনাটোত বৰ্তমানলৈকে কোনো লোকৰ ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande