ইতিহাসৰ পাতত ৩ জুনঃ মহাত্মা গান্ধীৰ অধ্যক্ষতাত হিন্দীক ৰাষ্ট্ৰীয় ভাষা হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ
ভাৰতীয় ভাষা আন্দোলন আৰু স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ৩ জুন তাৰিখৰ বিশেষ তাৎপৰ্য আছে। ১৯১৮ চনৰ আজিৰ দিনটোতে ইন্দোৰত অনুষ্ঠিত হিন্দী সাহিত্য সন্মিলনত হিন্দীক দেশৰ ৰাষ্ট্ৰভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হয়। সন্মিলনৰ সভাপ
सांकेतिक।


ভাৰতীয় ভাষা আন্দোলন আৰু স্বাধীনতা সংগ্ৰামৰ ইতিহাসত ৩ জুন তাৰিখৰ বিশেষ তাৎপৰ্য আছে। ১৯১৮ চনৰ আজিৰ দিনটোতে ইন্দোৰত অনুষ্ঠিত হিন্দী সাহিত্য সন্মিলনত হিন্দীক দেশৰ ৰাষ্ট্ৰভাষা হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰা হয়।

সন্মিলনৰ সভাপতিত্ব কৰে জাতিৰ পিতা মহাত্মা গান্ধীয়ে। সন্মিলনত হিন্দীক ভাৰতৰ উমৈহতীয়া ভাষা আৰু ভৱিষ্যতৰ ৰাষ্ট্ৰীয় ভাষা হিচাপে গ্ৰহণ কৰি প্ৰস্তাৱ গৃহীত কৰা হয়। সেই সময়ত দেশত স্বাধীনতা আন্দোলন চলি আছিল, ভাৰতীয় ভাষাক ৰাষ্ট্ৰীয় পৰিচয়ৰ সৈতে সংযোগ কৰাৰ দাবীয়ে গতি লাভ কৰিছিল।

মহাত্মা গান্ধীয়ে বিশ্বাস কৰিছিল যে ৰাষ্ট্ৰীয় ঐক্য আৰু জনসংযোগৰ বাবে দেশৰ গৰিষ্ঠসংখ্যকে বুজিব পৰা ভাষাৰ প্ৰয়োজন। তেওঁ হিন্দী আৰু হিন্দুস্তানী ভাষাৰ ব্যাপক ব্যৱহাৰৰ পোষকতা কৰিছিল, ইয়াক জনসাধাৰণৰ ভাষা বুলি অভিহিত কৰিছিল। ইন্দোৰ সন্মিলনত গৃহীত প্ৰস্তাৱটোৱে হিন্দী আন্দোলনক শক্তিশালী কৰি তুলিছিল আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক সমৰ্থন লাভ কৰিছিল।

ভাষিক গৌৰৱ আৰু জাতীয় চেতনাৰ প্ৰতীক হিচাপে এই সিদ্ধান্তই পাছলৈ ভাৰতীয় সংবিধানৰ খচৰা প্ৰণয়নক কেন্দ্ৰ কৰি হোৱা বিতৰ্কত এক গুৰুত্বপূৰ্ণ ভেটি হৈ পৰিছিল। স্বাধীনতাৰ পিছত সংবিধানসভাত ভাষা সম্পৰ্কীয় আলোচনাৰ সময়ত হিন্দীক চৰকাৰী ভাষা হিচাপে গঢ়ি তোলাৰ ধাৰণাটো বিশিষ্টভাৱে উত্থাপন হৈছিল।

শেষত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱা ভাৰতীয় সংবিধানৰ ৩৪৩ নং অনুচ্ছেদৰ অধীনত হিন্দী (দেৱনাগৰী লিপিত) ভাৰত সংঘৰ চৰকাৰী ভাষা হিচাপে ঘোষণা কৰা হয়। এইদৰে ১৯১৮ চনৰ ইন্দোৰ সন্মিলনত উত্থাপিত কণ্ঠই স্বাধীন ভাৰতৰ ভাষা নীতি গঢ় দিয়াত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৯১৮ - গান্ধীজীৰ অধ্যক্ষতাত ইন্দোৰত হিন্দী সাহিত্য সন্মিলন অনুষ্ঠিত হয় আৰু তাত গৃহীত প্ৰস্তাৱত হিন্দীক চৰকাৰী ভাষা ঘোষণা কৰা হয়।

১৯৪৭ - ব্ৰিটিছ চৰকাৰে ভাৰত বিভাজনৰ আনুষ্ঠানিক পৰিকল্পনা ঘোষণা কৰে। এই পৰিকল্পনাক ৩ জুন পৰিকল্পনা বা মাউণ্টবেটেন পৰিকল্পনা বুলি জনা যায়।

১৯৫০ - ভাৰতে প্ৰথমবাৰৰ বাবে ফুটবল বিশ্বকাপলৈ আমন্ত্ৰণ লাভ কৰে।

১৯৬৫ - এডৱাৰ্ড হোৱাইট মহাকাশত খোজ কঢ়া প্ৰথমজন আমেৰিকান হিচাপে পৰিগণিত হয়।

১৯৭২ - ভাৰত আৰু পাকিস্তানৰ মাজত ‘শিমলা চুক্তি’ৰ প্ৰাৰম্ভিক ৰূপৰেখা প্ৰস্তুত কৰা হয়।

১৯৯৪ - ইণ্ডিয়া এইড ক্লাবৰ নাম সলনি কৰি 'ইণ্ডিয়া এড ফ'ৰাম' ৰখা হয়।

১৯৯৯ - হোভাৰক্ৰাফ্ট বিমানৰ উদ্ভাৱক ক্রিষ্টোফাৰ ককাৰেলৰ মৃত্যু হয়। যুগোস্লাভিয়াই ক’ছ’ভ’ শান্তি পৰিকল্পনাত অনুমোদন জনায়। ইজিপ্তৰ ৰাষ্ট্ৰপতি হোছনি মুবাৰক একেৰাহে চতুৰ্থবাৰৰ বাবে পুনৰ নিৰ্বাচিত হয়।

২০০৪ - কেন ফৰ্ড নাছাৰ মহাকাশ অন্বেষণ পেনেলৰ মুৰব্বী হয়।

২০০৫ - ফ্ৰান্সে নিৰাপত্তা পৰিষদৰ বাবে ভাৰতৰ দাবীৰ প্ৰতি পুনৰ সমৰ্থন প্ৰকাশ কৰে।

২০০৮ - তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাৱে উপ-নিৰ্বাচনত পৰাস্ত হৈ পদৰ পৰা পদত্যাগ কৰে।

২০০৮ - কেন্দ্ৰীয় চৰকাৰে চিমেণ্ট ৰপ্তানিৰ ধন ঘূৰাই দিয়াৰ অনুমোদন প্ৰত্যাহাৰ কৰে।

২০০৮ – জাপানীজ লেবৰেটৰী কঢ়িয়াই অনা নাছাৰ ডিস্কভাৰী মহাকাশযান আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হয়। বিজ্ঞানীসকলে সৌৰজগতৰ বাহিৰত আৱিষ্কাৰ হোৱা আটাইতকৈ সৰু গ্ৰহটো আৱিষ্কাৰ কৰে।

জন্ম

১৮৪৪ – বালকৃষ্ণ ভট্ট – আধুনিক হিন্দী সাহিত্যৰ অন্যতম আগশাৰীৰ সৃষ্টিকৰ্তা।

১৮৬৭ – হৰবিলাস শাৰদা – এজন প্ৰখ্যাত ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজ সংস্কাৰক, ন্যায়িক আৰু সাহিত্যিক।

১৮৯৫ – পণিক্কৰ, কে এম – মহীশূৰ (কৰ্ণাটক)ৰ এজন প্ৰখ্যাত ৰাজনীতিবিদ, ৰাষ্ট্ৰনেতা, পণ্ডিত।

১৯০১ – গোবিন্দ শংকৰ কুৰুপ – জ্ঞানপীঠ বঁটা লাভ কৰা এজন প্ৰখ্যাত মালয়ালম সাহিত্যিক।

১৯১২ – সোহৰাব ফিৰোজেশ্বাহ গোড্ৰেজ – এজন প্ৰখ্যাত ভাৰতীয় ব্যৱসায়ী, উদ্যোগী, আৰু গোড্ৰেজ গ্ৰুপৰ অধ্যক্ষ।

১৯২৪ – এম কৰুণানিধি – এজন ভাৰতীয় ৰাজনীতিবিদ তথা তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

১৯২৯ – চিমানভাই পেটেল – এজন ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ তথা গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী।

১৯৩০ - জৰ্জ ফাৰ্নাণ্ডেছ - এজন প্ৰাক্তন ট্ৰেড ইউনিয়ন নেতা, ৰাজনীতিবিদ, সাংবাদিক, ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী।

১৯৪১ - ৰুমা পাল - ভাৰতৰ এগৰাকী প্ৰখ্যাত মহিলা ন্যায়াধীশ।

১৯৭০ - আজিৰ দিনটোতে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী ৰাজনীতিবিদ তালাৰী ৰঙাইয়া।

১৯৮২ - তৃপ্তি মুৰ্গুণ্ডে - এজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ যিয়ে একক আৰু ডাবলছ খেলিছিল।

মৃত্যু

১৯২৫ - ভি ভি সুব্ৰমণিয়া আয়েৰ - এজন স্বাধীনতা সংগ্ৰামী আৰু বিপ্লৱী দেশপ্ৰেমিক।

১৯৭৪ - কৃষ্ণ বল্লভ সহায় - বিহাৰৰ মুখ্যমন্ত্ৰী আৰু স্বাধীনতা সংগ্ৰামী।

১৯৭৬ - ভিগ' কেম্পমেন - ডেনিছ ছ'চিয়েল ডেম'ক্ৰেটৰ নেতা হিচাপে কৰ্মৰত এজন প্ৰখ্যাত ৰাজনীতিবিদ।

১৯৭৬ - মুনি জিনবিজয় - প্ৰাচীন ভাৰতীয় সাহিত্যৰ এজন গৱেষক, সম্পাদক, আৰু পাঠ্য সমালোচক।

১৯৯৪ - ত্ৰিভুৱনদাস কৃষিভাই পেটেল - সম্প্ৰদায়ৰ নেতা।

২০১১ - ভজন লাল - এজন দক্ষ ৰাজনীতিবিদ আৰু হাৰিয়ানাৰ তিনিবাৰৰ মুখ্যমন্ত্ৰী।

গুৰুত্বপূৰ্ণ অনুষ্ঠান

- বিশ্ব চাইকেল দিৱস।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande