চাংসাৰি ৰেল ষ্টেচনত আৰক্ষীৰ অভিযানত ১৩০ গ্ৰাম ড্ৰাগছ জব্দ
বাক্সা, ০২ জুন (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ পুনৰ সফল অভিযান । এছটিএফ আৰু কামৰূপ আৰক্ষীৰ যৌথ অভিযানত কৰায়ত্ত জায়াদ আলি (৩৩) নামৰে এজন দুধৰ্ষ ড্ৰাগছ মাফিয়া । জায়াদ আলিৰ ঘৰ বাক্সা জিলাত । শিলচৰ-ৰঙিয়া পথেৰে নামনি অসমলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ
চাংসাৰি ৰেল ষ্টেচনত আৰক্ষীৰ অভিযানত ১৩০ গ্ৰাম ড্ৰাগছ জব্দ


বাক্সা, ০২ জুন (হি.স.)। ড্ৰাগছৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ পুনৰ সফল অভিযান । এছটিএফ আৰু কামৰূপ আৰক্ষীৰ যৌথ অভিযানত কৰায়ত্ত জায়াদ আলি (৩৩) নামৰে এজন দুধৰ্ষ ড্ৰাগছ মাফিয়া । জায়াদ আলিৰ ঘৰ বাক্সা জিলাত । শিলচৰ-ৰঙিয়া পথেৰে নামনি অসমলৈ ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে কামৰূপ আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি ।

জব্দকৃত ড্ৰাগছ খিনিৰ ওজন ১৩০ গ্ৰাম । ১০ টা চাবোনৰ বাকচত বেগত ভৰাই লৈ অনা অৱস্থাত চাংসাৰি ৰেল ষ্টেচনত কামৰূপ আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি । জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য প্ৰায় কেইবা লাখ টকা । কামৰূপ আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলিছিল উক্ত অভিযান ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande