
নতুন দিল্লী, ০২ জুন (হি.স.)। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (চিবিএছই)ৰ সৈতে জড়িত শেহতীয়া বিতৰ্কিত পৰিঘটনাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। ব’ৰ্ডৰ অধ্যক্ষ আৰু সচিবক বদলি কৰি অন-স্ক্ৰীণ মাৰ্কিং (অ’এছএম) সেৱা ক্ৰয়ৰ ক্ষেত্ৰত হোৱা কথিত অনিয়মৰ তদন্তৰ বাবে এক সদস্যৰ তদন্ত সমিতি গঠন কৰা হৈছে।
সূত্ৰ অনুসৰি চিবিএছইৰ অধ্যক্ষ ৰাহুল সিং আৰু সম্পাদক হিমাংশু গুপ্তাক বদলি কৰা হৈছে। কাৰ্যালয়ৰ স্মাৰকপত্ৰ অনুসৰি সামৰ্থ্য বিকাশ আয়োগৰ অধ্যক্ষ এছ ৰাধা চৌহানৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন কৰা হৈছে। ক্ৰয়ৰ তদন্ত কৰি এমাহৰ ভিতৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগত প্ৰতিবেদন দাখিল কৰিব লাগিব।
অ’এছএম হৈছে চিবিএছইৰ নতুন অন-স্ক্ৰীণ মাৰ্কিং ডিজিটেল ব্যৱস্থা, যিটো এইবাৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে প্ৰৱৰ্তন কৰা হৈছে। ইয়াৰ উদ্দেশ্য আছিল অনলাইনত উত্তৰবহী স্কেন আৰু মূল্যায়ন কৰি দক্ষতা বৃদ্ধি কৰা। কিন্তু ম্লান স্কেনিং, মিল নোহোৱা শ্বীট, হেৰুৱা পৃষ্ঠা, আৰু কম নম্বৰৰ দৰে ত্ৰুটিই ব্যৱস্থাটোক বিতৰ্কৰ কেন্দ্ৰবিন্দু কৰি তুলিছে।
ছাত্ৰ-ছাত্ৰীৰ অভিযোগ, পৰ্টেলৰ সমস্যা, আৰু টিচিএছৰ পৰিৱৰ্তে বিক্ৰেতা ক’এমটি নিৰ্বাচনৰ ফলত হোৱা কথিত নিয়ম পৰিৱৰ্তনে জনসাধাৰণৰ ক্ষোভ আৰু ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি কৰিছিল। চিবিএছইয়ে নিজৰ ভুল স্বীকাৰ কৰি হাজাৰ হাজাৰ শ্বীট পুনৰ স্কেন কৰিবলৈ বাধ্য হয়।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া