
বৰপেটা, ০২ জুন (হি.স.): বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতি শান্তিপুৰ গাঁৱৰ এখন ভঙা চিঙা দলঙে নৰক যন্ত্ৰণা ভোগাইছে অঞ্চলবাসী লোকসকলক । পকী পথ সংযোগী লোক নিৰ্মাণ বিভাগৰ কাঠৰ দলংখন দীৰ্ঘদিন ধৰি এনেদৰে জহি খহি যোৱাৰ পাছতো মেৰামতি কৰা নহ’ল । যাৰ ফলত দলংখনেৰে বিপজ্জনকভাৱে যাতায়াত কৰিব লগীয়া হৈছে অঞ্চলবাসীয়ে।
এই মৰণফান্দ ৰূপী দলং খনেৰেই যাতায়াত কৰিছে অঞ্চলবাসী লোকসকলেয়ে। স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে অতি বিপদসংকুলভাৱে দলঙেৰে অহা যোৱা কৰিব লগীয়া হৈছে । শীঘ্ৰে দলংখন মেৰামতি কৰিবলৈ লোক নিৰ্মাণ বিভাগক দাবী জনাইছে অঞ্চলবাসী লোকসকলেয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ