খাৰুপেটীয়াত সাংবাদিকক আক্ৰমণৰ চেষ্টা কৰা জুৱাৰীক আটক
দৰঙৰ ধুলা আৰক্ষীৰ সফলতা।
খাৰুপেটীয়াত সাংবাদিকক আক্ৰমণৰ চেষ্টা কৰা জুৱাৰীক আটক


দৰং, ০২ জুন (হি.স.): দুষ্কৃতিকাৰীৰ বিৰুদ্ধে বিশেষ সফলতা লাভ কৰিছে দৰঙৰ ধুলা আৰক্ষীয়ে। খাৰুপেটীয়াত সাংবাদিকক আক্ৰমণৰ চেষ্টা কৰা জুৱাৰীক আটক কৰে আৰক্ষীয়ে ।

দেৱবাৰ খাৰুপেটীয়াৰ বাইগৰমাৰী এন চি খাৰুপেটীয়াত জুৱাৰীৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক লাঠিৰে আক্ৰমণৰ চেষ্টা কৰা জুৱাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা চাৰিজন জুৱাৰীৰ ভিতৰত তিনিজনক ২৪ ঘণ্টাৰ ভিতৰত যোৱা কালি সোমবাৰে বিয়লি আটক কৰিবলৈ সক্ষম হৈছে । সাংবাদিকৰ লগতে জুৱাৰীৰ বিৰুদ্ধে অভিযোগকাৰী ছায়েদুৰ আলীক মাৰধৰ কৰিছিল । ধুলা আৰক্ষীৰ এই সফলতাত সাংবাদিক সকলৰ লগতে অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে । আনহাতে বাকী অপৰাধী অতিশীঘ্ৰেই আটক কৰিবলৈ দাবী জনায় এজাহাৰকাৰী আৰু আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দীন আহমেদে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande