
হোজাই, ০২ জুন (হি.স.)। হোজাইৰ নীলবাগানৰ ডিমৰুপাৰত সংঘটিত হৈছে এক লোমহৰ্ষক ঘটনা ।
জহিৰুল ইছলাম নামৰ এজন লোকক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলায়। লোকজনক
শোৱাপাঠীৰ পৰা টানি বাহিৰলৈ আনি আক্ৰমণ কৰা হয়। জহিৰুল ইছলামক
আক্ৰমণ কৰা দুজন মোমায়েকৰ লৰা খলিল আৰু হিফজুৰ বুলি চিনাক্ত কৰা হৈছে।
উল্লেখ্য় যে
পত্নী সন্তানৰ সন্মুখৰ পৰা টানি আনি ঘাতকবাহিনীয়ে সংঘটিত কৰিলে এই ঘটনা
। ভূমি সংক্ৰান্তীয় বিবাদৰ বাবেই এই ঘটনা বুলি জানিব পৰা গৈছে
।
ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে অভিযুক্তদ্বয়ে। ইফালে খৱৰ লাভ কৰি
মোৰাঝাৰ আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
ইপিনে সংকটজনক অৱস্থাত ব্যক্তিজনক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা