
শিৱসাগৰ, ০২ জুন (হি.স.): শিৱসাগৰ জিলাৰ নাজিৰা প্ৰেছ ক্লাৱৰ প্ৰাক্তন প্ৰতিষ্ঠাপক সম্পাদক, নাট্যকাৰ, সাহিত্যিক তথা নাজিৰাৰ জ্যেষ্ঠ সাংবাদিক, সমাজ সংগঠক, বহুমুখী প্ৰতিভাৰ অধিকাৰী অনুজ ৰাজখোৱাৰ যোৱা কালি সোমবাৰে সন্ধিয়া দেহাৱসান ঘটে ৷ নাজিৰাৰ দৈনিক জনমভূমি, অসমীয়া প্ৰতিদিন কাকতৰ সংবাদদাতা আছিল প্ৰয়াত সাংবাদিক অনুজ ৰাজখোৱা ৷
উল্লেখ্য যে দীৰ্ঘদিন ধৰি উচচ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ শয্যাগত হৈ আছিল সাংবাদিক ৰাজখোৱা ৷ মৃত্যুৰ সময়ত ৰাজখোৱাৰ বয়স আছিল প্ৰায় ৬৮বছৰ ৷ মৃত্যুৰ সময়ত পত্নী সহ তিনিজন পুত্ৰ-বোৱাৰীক ইহসংসাৰত এৰি থৈ গৈছে ৰাজখোৱাই ৷ গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত চিকিৎসকে মৃত ঘোষণা কৰে সাংবাদিক অনুজ ৰাজখোৱাক ৷ ৰাজখোৱাৰ মৃত্যুত বিভিন্ন দল সংগঠন তথা সাংবাদিক সংস্থাই শোক প্ৰকাশ কৰিছে আৰু শোক সন্তপ্ত পৰিয়ালক সমবেদনা জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ