
বজালী, ০২ জুন (হি.স.)। বজালীৰ ভকুৱামাৰীত সংঘটিত হৈছে শোকাৱহ ঘটনা। পহুমাৰা নৈত গা ধুবলৈ গৈ সন্ধানহীন হয় এগৰাকী যুৱক। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
দৰাচলতে, ভকুৱামাৰী অঞ্চলৰ নিতুল তালুকদাৰ (২৫), কিংকৰ কাকতি আৰু অবিনাশ ৰাজবংশী (২২) নামৰ তিনিজন যুৱকে একেলগে পহুমাৰা নৈত গা ধুবলৈ নামিছিল । গা ধোৱাৰ সময়ত নৈখনৰ প্ৰবল সোঁতত তিনিওজন বিপদত পৰে।
তাৰপাছতে ওচৰতে উপস্থিত থকা এগৰাকী সাহসী যুৱতীয়ে তৎপৰতাৰে পানীত নামি নিতুল তালুকদাৰ আৰু কিংকৰ কাকতিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তু অবিনাশ ৰাজবংশীক উদ্ধাৰ কৰিব নোৱাৰাত তেওঁ নৈৰ পানীত সন্ধানহীন হৈ পৰে।
ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে পাঠশালা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। লগতে এছ ডি আৰ এফৰ এটা দলো ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। সন্ধানহীন যুৱকজনক উদ্ধাৰৰ বাবে নৈখনত ব্যাপক অনুসন্ধান অব্যাহত আছে যদিও বৰ্তমানলৈকে তেওঁৰ কোনো সন্ধান পোৱা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী