
কামৰূপ, ১৯ জুন (হি.স.)। কামৰূপ জিলাৰ ছয়গাওঁত ভয়ংকৰ পথ দূৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হয় এজন যুৱক। বৃহস্পতিবাৰে নিশা দক্ষিণ কামৰূপৰ ছয়গাঁৱত সংঘটিত হয় এই ভয়ংকৰ পথ দূৰ্ঘটনাটো।
জানিব পৰা অনুসৰি গুৱাহাটী অভিমুখী এখন মালবাহী কণ্টেইনাৰ আৰু মটৰচাইকেলৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সংঘটিত হয় এই ভয়ংকৰ পথ দূৰ্ঘটনা। দূৰ্ঘটনাত থিতাতে নিহত এ এছ ১৩ এম ৮২৮৮ নম্বৰৰ মটৰচাইকেল আৰোহীজন। নিহত যুৱকজন ছয়গাঁও কাৱৈমাৰীৰ দেৱৰাজ অধিকাৰি(২৮) বুলি জানিবপৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে নিহত যুৱক গৰাকীক ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে যুৱক গৰাকীক। আনহাতে ঘটনা স্থলীত ছয়গাঁও আৰক্ষীয়ে উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহ ছয়গাঁও আৰক্ষী থানালৈ লৈ আহে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা