
তিনিচুকীয়া, ১৯ জুন (হি.স.)। তিনিচুকীয়া জিলাৰ তালাপত ভয়ংকৰ ঘটনা।
অবৈধ চুলাই মদ সেৱন কৰি যুৱকৰ মৃত্যুৰ অভিযোগ স্থানীয় ৰাইজ, আটছা আৰু গাঁওৰক্ষী বাহিনীৰ। মৃতক তালাপৰ খোবাং চাহ বাগিচাৰ ৰাজ সোনা (২৮) বুলি প্ৰকাশ। খোবাং চাহ বাগিচাৰ শ্ৰমিক লাইনৰ মাজৰ পথত পৰি আছিল মৃত যুৱকজন। অঞ্চলটোত দীৰ্ঘদিন ধৰি মুকলিকৈ অবৈধ চুলাই মদৰ ব্যবসায় চলি অহাৰ অভিযোগ। আবকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাইজে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু