শিলিগুৰিৰ মেয়ৰ পদৰ পৰা পদত্যাগ তৃণমূল কংগ্ৰেছ নেতা গৌতম দেৱৰ
শিলিগুৰি, ১৯ জুন (হি.স.)। তৃণমূল কংগ্ৰেছৰ নেতা গৌতম দেৱে শুকুৰবাৰে শিলিগুৰি পৌৰ নিগমৰ মেয়ৰ পদৰ পৰা পদত্যাগ কৰে। খবৰ অনুসৰি তেওঁ পূর্বেও পদত্যাগ কৰাৰ সিদ্ধান্ত দলৰ নেতৃত্বক অৱগত কৰিছিল ৷ শুকুৰবাৰে তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰশাসনক দাখিল কৰে
गौतम देव


শিলিগুৰি, ১৯ জুন (হি.স.)। তৃণমূল কংগ্ৰেছৰ নেতা গৌতম দেৱে শুকুৰবাৰে শিলিগুৰি পৌৰ নিগমৰ মেয়ৰ পদৰ পৰা পদত্যাগ কৰে। খবৰ অনুসৰি তেওঁ পূর্বেও পদত্যাগ কৰাৰ সিদ্ধান্ত দলৰ নেতৃত্বক অৱগত কৰিছিল ৷ শুকুৰবাৰে তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰশাসনক দাখিল কৰে।

শেহতীয়াকৈ তেওঁ তৃণমূল কংগ্ৰেছৰ দাৰ্জিলিং জিলা (প্লেইন) কমিটীৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰে। বিশ্বাস কৰা হৈছে যে দলটোৱে তেওঁক সাংগঠনিক কামত অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰাটো বিচাৰে।

সূত্ৰসমূহে জনোৱা মতে, পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত প্ৰশাসনিক কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰাৰ বাবেই তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে মেয়ৰ কাউন্সিলৰ সৈতে হোৱা বৈঠকতো তেওঁ পদত্যাগ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

গৌতম দেৱৰ ৰাজনৈতিক কেৰিয়াৰ উল্লেখযোগ্য । ২০১১ চনত ৰাজ্যৰ ক্ষমতা সলনি হোৱাৰ পিছত উত্তৰ বংগ উন্নয়ন বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰে। ২০১৬ চনৰ নিৰ্বাচনত জয়ী হোৱাৰ পিছত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে তেওঁক পৰ্যটন মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। অৱশ্যে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।

ইয়াৰ পিছতে ২০২২ চনত শিলিগুৰি পৌৰ নিগমৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে জয়লাভ কৰাৰ পিছত মেয়ৰ নিযুক্তি লাভ কৰে । কিন্তু ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত তেওঁ পুনৰ শিলিগুৰি আসন হেৰুৱায় আৰু সমগ্ৰ চহৰখনৰ সকলো ৱাৰ্ডতে দলৰ দুৰ্বল প্ৰদৰ্শনক লৈ আভ্যন্তৰীণ ক্ষোভৰ সৃষ্টি হয়। তেতিয়াৰ পৰাই তেওঁৰ মেয়ৰ পদৰ পৰা পদত্যাগ সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল । -----------------

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande