
নগাঁও, ১৯ জুন (হি.স.): ডবকাত চলিছে অবৈধ বালিৰ ৰম ৰমীয়া ব্যৱসায় ৷ যমুনা নৈৰ পৰা তুলি অনা বালি সমূহৰ অবৈধ সৰবৰাহত লাখ লাখ টকাৰ ৰাজহ হেৰুৱাইছে বন বিভাগে ৷ অৱশ্যে এনেকৈ চলি থকা বালিৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে দক্ষিণ নগাওঁ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়াৰ লগতে ডবকাৰ বনাঞ্চলিক বিষয়া দিপক মহন্তই ৷
অবৈধ ভাৱে বালি সৰবৰাহ কৰা বাহনৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান ৷ অভিযানত জব্দ কৰিছে চালান বিহিন বালিৰ এখন টিপাৰ গাড়ী ৷ চৰকাৰৰ কৰ ফাঁকি দি চালান বিহিন ভাৱে গৈ থকা এখন বালিৰ গাড়ী জব্দ কৰে ডবকাৰ বন বিষয়াই ৷ গাড়ীখনৰ নম্বৰ এএছ ০১ এলচি ৮০৫৬ বুলি জনা গৈছে। বালিৰ গাড়ীখন জব্দ কৰাৰ পূৰ্বে শিলৰ গুড়ি তথা ৰাবিশ ভৰ্তি আন এখন বাহনো জব্দ কৰে ডবকাৰ বন বিভাগে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ