
নগাঁও, ১৯ জুন (হি.স.): নগাঁও জিলাৰ চামগুৰিৰ দিজু বস্তিত যোৱা কালি বৃহস্পতিবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । চামগুৰিৰ দিজু বস্তিত দুগৰাকী মহিলাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি । অসামাজিক কাৰ্যকলাপৰ সৈতে জড়িত থকাৰ অভিযোগ উত্থাপন কৰি স্থানীয় মহিলাসকলে প্ৰথমে এগৰাকী মহিলাৰ বাসগৃহ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বাসগৃহৰ ক্ষতি সাধন কৰে।
অভিযোগ অনুসৰি, মিছা আৰ্মি কেম্পত অস্থায়ীভাৱে কৰ্মৰত আন এগৰাকী মহিলাৰ সৈতে মিলি অসামাজিক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ একাধিক ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাত অঞ্চলজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।ভাইৰেল ভিডিঅ’সমূহৰ বাবে দিজু বস্তিৰ মহিলাসকল লজ্জিত আৰু ক্ষুব্ধ হৈ পৰাৰ লগতে অভিযুক্ত দুই মহিলাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত সোচ্চাৰ হৈ উঠে । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত স্থানীয় ৰাইজেও প্ৰতিবাদত অংশগ্ৰহণ কৰি দ্বিতীয় গৰাকী মহিলাৰ বাসগৃহত গৈ সৃষ্টি কৰে এক উত্তপ্ত পৰিস্থতিৰ । খবৰ পোৱাৰ লগে লগে চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। লগতে অভিযোগৰ ভিত্তিত দুই মহিলাক আটক কৰি অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
উল্লেখ্য, অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ