অসম-বংগ সীমান্তত তীব্র উত্তেজনা
অসম-বংগ সীমান্তত তীব্র উত্তেজনা।
অসম-বংগ সীমান্তত তীব্র উত্তেজনা


ধুবুৰী, ১৯ জুন (হি.স.): অসম-বংগ সীমান্তত তীব্র উত্তেজনাৰ সৃষ্টি হৈছে। জানিব পৰামতে, এজন পৰ্টেল সাংবাদিকৰ বাবেই হঠাৎ ভয়ঙ্কৰ হৈ উঠিছে সীমান্তৰ পৰিৱেশ পৰিস্থিতি। হত্যাৰ ভাবুকি, ধন দাবী আৰু অপৰাধমূলক মানসিকতাৰে ভুৱা বাতৰি পৰিবেশনক কেন্দ্ৰ কৰা ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰা হৈছে । চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মাইনিং ব্যৱসায়ীক 'চোৰ' সজোৱাৰ চেষ্টা কৰাৰ লগতে মাটিৰ মালিকক হত্যাৰ ভাবুকি আৰু ২ লাখ টকা দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কমল ৰায় নামৰ এজন সাংবাদিকৰ বিৰুদ্ধে। এই সন্দৰ্ভত ধুবুৰীৰ জেষ্ট আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰা হৈছে এজাহাৰ।

ধুবুৰীৰ তামাৰহাটৰ জংবান্ধা অঞ্চলত থকা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মাইনিং ক্ষেত্ৰত যোৱা কিছুদিন ধৰি পশ্চিমবংগৰ একাংশ দুষ্কৃতিকাৰীয়ে উপদ্ৰৱ চলাই অহাৰ অভিযোগ। যাৰ অন্তৰালত আছে কমল ৰায় নামৰ এজন তথা কথিত পৰ্টেল সাংবাদিক বুলি অভিযোগ উত্থাপন হৈছে। দলে বলে গৈ আনকি অসমৰ ভূমিত প্ৰবেশ কৰি মাটি কাটি কাটি যাতায়ত ব্যৱস্থাও নষ্ট কৰিছে এই চক্ৰটোৱে। ১৮ মে’ত বিয়লি মাইনিঙৰ মেচিন সুৰক্ষিত কৰিবলৈ যোৱা মাইনিঙৰ মালিক ফৰাদুল খানক পশ্চিমবংগৰ একাংশ লোকে আৱদ্ধ কৰি শাৰীৰিক-মানসিকভাৱে হাৰাশাস্তি কৰি দুই ঘণ্টা ধৰি আবদ্ধ কৰি ৰাখে । অৱশেষত তামাৰহাট থানাৰ আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তিনিজন কৈ ব্যক্তিক উদ্ধাৰ কৰে। কিন্তু এই সমগ্ৰ ঘটনাটোক ওলোটা বিকৃত ৰূপ দিলে কমল ৰায় নামৰ এজন স্থানীয় পৰ্টেল সাংবাদিকে। ফাৰাদুল খান আৰু তেওঁৰ সহযোগীক 'চোৰ' সজোৱাৰ চেষ্টা । কেৱল এয়াই নহয় ১৩ মেৰ দিনাও বাতৰি বন্ধ কৰাৰ নামত মাটিৰ মালিক আশ্মত আলীক ২ লাখ টকা দাবী কৰাৰ লগতে হত্যাৰ ভাবুকিও প্ৰদান কৰিছিল এই বিতৰ্কিত সাংবাদিকজনে।সাংবাদিক কমল ৰায়ৰ এই কু-কাণ্ডৰ বাবে এতিয়া অসম আৰু পশ্চিমবংগৰ সীমান্তৱৰ্তী শান্তিপ্ৰিয় ৰাইজৰ মাজত এক ভয়াৱহ পৰিস্থিতি আৰু উত্তেজনাৰ সৃষ্টি হৈছে। ফাৰাদুকল খানৰ পিতৃ আব্দুল মান্নান খানে তামাৰহাট থানাত এজাহাৰ দাখিল কৰি এই অপৰাধ মানসিকতাৰ সাংবাদিকজনৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ দাবী জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande