কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ওলাই যোৱা নাজিৰা ১নং ৱাৰ্ডৰ দুজনকৈ যুৱক নিৰুদ্দেশ
কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ওলাই যোৱা নাজিৰা ১নং ৱাৰ্ডৰ দুজনকৈ যুৱক নিৰুদ্দেশ৷
কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ওলাই যোৱা নাজিৰা ১নং ৱাৰ্ডৰ দুজনকৈ যুৱক নিৰুদ্দেশ


শিৱসাগৰ, ১৯ জুন (হি.স.): কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ওলাই যোৱা নাজিৰা ১নং ৱাৰ্ডৰ দুজনকৈ যুৱক নিৰুদ্দেশ হৈ পৰিছে ৷ নাজিৰা নগৰৰ ১নং ৱাৰ্ডৰ নিবাসী অনন্ত দাসৰ পুত্ৰ অঞ্জন জ্যোতি দাস আৰু একে অঞ্চলৰে সূৰেছ দাসৰ পুত্ৰ বিশ্বজিৎ দাস বহিঃৰাজ্যত সন্ধানহীন হৈ পৰে ।

জানিব পৰামতে, দুয়োজন যুৱকে ১২ জুন শুকুৰবাৰে শিমলুগুৰি ষ্টেচনৰ পৰা বাংগালুৰুলৈ যাত্ৰা কৰিছিল কৰ্মসংস্থাপনৰ উদ্দেশ্যৰে ৷ গন্তব্যস্থান পোৱাৰ আগতে পেৰাম্বৰ ৰে’ল ষ্টেচনত নামিছিল যুৱক দুজন । শেষবাৰৰ বাবে তাৰপৰাই পৰিয়ালৰ লগত যোগাযোগ কৰিছিল দুয়োৱে । অঞ্জনৰ বয়স ৩০ বছৰ আৰু বিশ্বজিৎ ৰ বয়স ৩৪ বছৰ বুলি জানিব পৰা গৈছে । অঞ্জনেই দেওবাৰেই শেষ ফোন কৰিছিল মাতৃ আৰু পত্নীলৈ ৷ ইতিমধ্যেই নাজিৰা আদৰ্শ আৰক্ষী থানাত ভোক্তভোগী পৰিয়ালে দাখিল কৰিছে এজাহাৰ ৷ প্ৰায় এসপ্তাহ ধৰি সন্ধানহীন এই যুৱক ুদজনৰ কোনোবাই সম্ভেদ পালে 8761801656, 8822779937 ফোন নম্বৰত পৰিয়ালৰ লোকক খবৰ দিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে। লগতে পৰিয়ালৰ লোকসকলে এইক্ষেত্ৰত মুখ্যমন্ত্ৰীলৈও কাতৰ আহ্বান জনাইছে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande