
হাইলাকান্দি, ১৯ জুন (হি.স.): চোৰৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীয়ে চলায় বৃহৎ অভিযান । একেনিশা গ্ৰেপ্তাৰ প্ৰায় ১৭ জন চোৰ । চোৰৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীয়ে একে নিশা একে সময়ত জিলাৰ প্ৰত্যেকটি আৰক্ষী চকীত আৰম্ভ কৰিছিল অভিযান আৰু অভিযানত প্ৰায় ১৭ জন চোৰ বিভিন্ন গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হাইলাকান্দি আৰক্ষীয়ে।
আৰক্ষীয়ে চোৰৰ লগতে জব্দ কৰিছে চুৰি হোৱা বহু সামগ্ৰী । যোৱা কেইবাদিন ধৰি চহৰৰ বিভিন্ন ঠাইত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু তাৰ ভিত্তিত চুৰৰ বিৰুদ্ধে হাইলাকান্দি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছিল। অভিযানত চুৰি হোৱা সামগ্ৰী উদ্ধাৰ হৈছে ১২ টা মোবাইল ফোন, বাইক,গ্যাস ছিলিণ্ডাৰ আৰু দুটা ওয়াটাৰ পাম্প সহ চুৰি কাৰ্যত ব্যবহিত হোৱা বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে হাইলাকান্দি আৰক্ষী । ইতিমধ্যে ১৭ টা চোৰক কালি বিয়লি হাইলাকান্দি আদালতলৈ প্ৰেৰণ কৰিছে হাইলাকান্দি আৰক্ষীয়ে । আদালতত প্ৰেৰণ কৰি ৰিমাণ্ডত লোৱা হ’ব বুলি জনাইছে হাইলাকান্দি আৰক্ষীয়ে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ