
ৰটাৰডেম, ১৯ জুন (হি.স.)। শুকুৰবাৰে এফ আই এইচ হকী প্ৰ’ লীগ ২০২৫-২৬ৰ ৰটাৰডেম লেগত ভাৰতীয় পুৰুষ হকী দলটোৱে বর্তমানৰ বিশ্ব চেম্পিয়ন জার্মানীৰ বিৰুদ্ধে সাহসী যুঁজ দিছিল যদিও অন্তিম মুহূর্তত মেচখন পিছলি যোৱাৰ ফলত ভাৰত ১-২ গ’লত পৰাস্ত হয় ৷
ভাৰতৰ হৈ এটা গ’ল দি জুগৰাজ সিঙে নিজৰ ১০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচখন স্মৰণীয় কৰি তুলিলে যদিও অন্তিম চাৰি মিনিটত জাৰ্মানীয়ে দুটা গ’ল দি জয়ৰ মোহৰ দিয়ে।
খেলখনৰ আৰম্ভণিতে ভাৰতীয় দলটোৱে আক্রমণাত্মকভাৱে খেলি বলৰ ওপৰত নিয়ন্ত্রণ বজাই ৰাখি জার্মানীক মুক্ত সংঘাতৰ পৰা বঞ্চিত কৰে ৷ শক্তিশালী ডিফেন্সে বিশ্ব চেম্পিয়ন দলটোক প্ৰথমাৰ্ধত স্পষ্ট সুযোগ সৃষ্টি কৰাত বাধা প্ৰদান কৰে।
দ্বিতীয় কোৱাৰ্টাৰত ভাৰতে তীব্ৰ চাপ প্ৰয়োগ কৰি জাৰ্মানীক সঘনাই ভুল কৰিবলৈ বাধ্য কৰাইছিল। অভিষেকে ভাৰতৰ হৈ এটা ভাল সুযোগ সৃষ্টি কৰিছিল যদিও দলটোৱে অগ্ৰগতি লাভ কৰাত ব্যৰ্থ হয়।
তৃতীয় কোৱাৰ্টাৰত ভাৰতে প্ৰথমটো পেনাল্টি কৰ্ণাৰ লাভ কৰে আৰু ৩৮ মিনিটত জুগৰাজ সিঙে শক্তিশালী ড্ৰেগ ফ্লিক দি ভাৰতে ১-০ গ’লত অগ্ৰগতি লাভ কৰে। এয়া তেওঁৰ ১০০ সংখ্যক আন্তঃৰাষ্ট্ৰীয় মেচত এক বিশেষ মুহূৰ্ত হিচাপে পৰিগণিত হৈছিল।
তৃতীয় কোৱাৰ্টাৰৰ শেষৰ ফালে জাৰ্মানীয়ে বাৰে বাৰে আক্ৰমণ চলাইছিল যদিও ভাৰতীয় গ’লৰক্ষক মোহিত এইচ এছে কিছু উজ্জ্বল ছেভ কৰি নিজৰ অগ্ৰগতি অটুট ৰাখিছিল।
অন্তিম কোৱাৰ্টাৰত ভাৰতে ঘাটি বৃদ্ধি কৰাৰ সুযোগ পাইছিল যদিও সেইবোৰক ৰূপান্তৰিত কৰাত ব্যৰ্থ হৈছিল। ইয়াৰ মূলধন হিচাপে জাৰ্মানীয়ে ৫৬ মিনিটত জাষ্টাছ ৱেইগাণ্ডৰ পেনাল্টি কৰ্ণাৰ গ’লেৰে সমতা স্থাপন কৰে।
ইয়াৰ পিছতে জাৰ্মানীয়ে মেচখনৰ অন্তিম চেকেণ্ডত আন এটা পেনাল্টি কৰ্ণাৰ লাভ কৰে আৰু জেকব ব্ৰীলাই গ’ললৈ ৰূপান্তৰিত কৰি নিজৰ দলটোক ২-১ গ’লত জয়লাভ কৰে।
এই পৰাজয়ৰ মাজতো ভাৰতীয় দলটোৱে সমগ্ৰ খেলখনত বিশ্ব চেম্পিয়ন জাৰ্মানীৰ সন্মুখত এক শক্তিশালী প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল আৰু নিজৰ খেলখনেৰে প্ৰভাৱিত কৰিছিল।
ভাৰত এতিয়া পৰৱৰ্তী খেলত অহা ২১ জুনত ভাৰতীয় সময়মতে সন্ধিয়া ৫:৩০ বজাত নেদাৰলেণ্ডৰ বিৰুদ্ধে খেলিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া